হোজাই, 28 জুনঃ হোজাইত কপিলী নৈৰ বাঢ়নি পানীত ইতিমধ্যে জলমগ্ন হৈছে বিস্তীৰ্ণ অঞ্চল ৷ বানত বিধ্বস্ত হৈ পৰিছে সাধাৰণ জন-জীৱন ৷
দীৰ্ঘ দিনে অব্যাহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলত হোৰাহোৰে বৃদ্ধি পাইছে কপিলী নৈৰ জলপৃষ্ঠ ৷ ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীয়ে হোজাইৰ কেইবাটাও অঞ্চল বুৰাই পেলাইছে ৷ ঘৰ-দুৱাৰৰ ভিতৰলৈকে পানী সোমোৱাত বহু সা-সম্পত্তিৰ ক্ষতি সাধন হয় বানাক্ৰান্ত লোক সকলৰ ৷
তাৰোপৰি জিলাখনৰ কেইবাঠাইতো কপিলী নৈৰ বাঢ়নি পানীয়ে কেবাটাও মাথাউৰি চিঙি নিয়াত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোক সকলৰ মাজত ৷ ইতিমধ্যে জিলা খনৰ বিভিন্ন অঞ্চলত বানত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷ তাৰোপৰি বাসস্থানৰ লগতে খাদ্য সামগ্ৰীৰ আৰু খোৱা পানীৰ সংকটত পৰিছে বানাক্ৰান্ত লোক সকল ৷ আনফালে বানত পশুধনৰো বিস্তৰ ক্ষতি সাধন হয় অঞ্চলটোৰ বানাক্ৰান্ত লোক সকলৰ ৷
লগতে পঢ়ক- জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ