ETV Bharat / state

আত্মহত্যা কৰিবলৈ উঠিল গছত; উদ্ধাৰ কৰিলে অগ্নিনিৰ্বাপক বাহিনীয়ে - ঘৰ মাটি হেৰুৱাই গছত উঠিল আত্মহত্যা কৰিবলৈ

এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ল হোজাইবাসী । ঘৰমাটি সকলো হেৰুৱাই গছৰ ওপৰত উঠি আত্মহত্যাৰ চেষ্টা কৰে এজন লোকে(A man attempted suicide in Hojai) । আকোৰগোজ লোকজনক অৱশেষত উদ্ধাৰ কৰে অগ্নিনিৰ্বাপকবাহিনীয়ে(Fire brigade rescues people who took suicide) ।

fire brigade rescues youth who wanted to commit suicide
ঘৰ-মাটি হেৰুৱাই গছত উঠিল আত্মহত্যা কৰিবলৈ: উদ্ধাৰ কৰিলে অগ্নি নিৰ্বাপক বাহীনিয়ে
author img

By

Published : Jul 3, 2022, 12:11 PM IST

হোজাই,৩ জুলাই: জীৱনত সকলো হেৰুৱালে মানুহে কি কৰিব নোৱাৰে ? বহুতে জীৱনেই শেষ কৰি দিয়ে । ঠিক তেনে এক পৰিস্থিতিৰ সন্মুখীন হৈ হোজাইৰ এজন লোকে সৃষ্টি কৰিলে অনাকাংক্ষিত পহৰিস্থিতিৰ । আত্মহত্যা কৰিবলৈ উঠিল এজোপা ওখ গছত(A man attempted suicide in Hojai) । স্থানীয় ৰাইজে দেখা পোৱাত লাগিল হুৱাদুৱা ।

হোজাইৰ শংকৰদেৱ নগৰৰ সৃষ্টি হয় এই অনাকাংক্ষিত ঘটনাটো । এজন যুৱকে নিজৰ মাটি বাৰী সকলো হেৰুৱাই আত্মহত্যাৰ মানসেৰে উঠিল এজোপা ওখ গছত(Climbed a tall tree to commit suicide) । হোজাই সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যলয়ৰ পৰা শংকৰদেৱ নগৰ আদালতলৈ যোৱা পথৰ সমীপতে থকা গছত উঠিল অজিৎ নামৰ লোকজন । লোকজনক তেনেদৰে গছৰ ওপৰত প্ৰত্যক্ষ কৰাত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ।

ঘৰ-মাটি হেৰুৱাই গছত উঠিল আত্মহত্যা কৰিবলৈ: উদ্ধাৰ কৰিলে অগ্নি নিৰ্বাপক বাহিনীয়ে

জানিব পৰা মতে, হোজাই জিলা প্ৰশাসনৰ বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আৰক্ষীসহ এটি দল গৈছিল শংকৰদেৱ নগৰৰ সমীপতেই থকা বুঢ়াগাঁৱলৈ । বুঢ়াগাঁৱৰ অজিৎ দাস আৰু তেওৰ ককায়েকক ঘৰৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দি বিপৰীত পক্ষক চমজাই দিছিল উক্ত ঘৰ মাটি । ইয়াৰ পাছতেই মানসিক ভাৰাসাম্য হেৰুৱাই আত্মহত্যাৰ লক্ষ্যৰে অজিৎ দাসে উঠে শংকৰদেৱ নগৰত থকা এজোপা ওখ গছৰ ওপৰত ।

স্থানীয় আৰক্ষী তথা অজিতৰ ভাতৃয়ে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো গছৰ পৰা নামি অহা নাচিল অজিৎ । পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপন বাহিনীৰ লোক উপস্থিত হৈ অগ্নিনিৰ্বাপন বাহিনীৰ বিষয়া আৰিফূল হুছেইনে জখলাত উঠি কৌশলগত ভাবে নানান বুজনি দি তিনিঘন্টাৰ অন্তত অজিৎ দাসক গছৰ পৰা নমাই আনিবলৈ সক্ষম হয়(Fire brigade rescues people who took suicide) । প্ৰায় তিনি ঘন্টাৰ অন্তত আন্ধাৰ হোৱাৰ আগে আগে অগ্নিনিৰ্বাপন বাহিনীৰ লোকে ন্য়ায় প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি অজিতক নমাই আনে গছৰ পৰা ।

লগতে পঢ়ক : সমাজৰ কল্যাণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ UPLL : প্ৰমোদ বড়ো

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.