ETV Bharat / state

হালদীআটী আজমল আদৰ্শ জাতীয় বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Jun 20, 2021, 9:43 PM IST

ডবকাত দাউদাউকৈ জ্বলি উঠিল এখন বিদ্যালয় ৷ জুইত ভষ্মীভূত হৈছে বিদ্যালয়খনৰ নথি পত্ৰৰ লগতে আচবাব ৷

fire in azmal jatiya bidyalaya in doboka
ডবকাত জ্বলি উঠিল বিদ্যাৰ মন্দিৰ

হোজাই, 20 জুন : হোজাই জিলাৰ ডবকাৰ হালদীআটীত থকা আজমল আদৰ্শ জাতীয় বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । দাউদাউকৈ জ্বলি উঠিল আজমল আদৰ্শ জাতীয় বিদ্যালয় । জুইত সম্পূর্ণৰূপে ভষ্মীভূত হয় 2016 চনত স্থাপিত হোৱা বে-চৰকাৰী বিদ্যালয়খন ।

ডবকাত জ্বলি উঠিল বিদ্যাৰ মন্দিৰ

জুইত জ্বলি যায় লক্ষাধিক টকাৰ আচবাব পত্ৰৰ লগতে বিদ্যালয়খনৰ বহু নথিপত্ৰ । বিদ্যুতৰ শ্ব’ৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে, কৰ’ণাৰ সংক্ৰমণৰ বাবে ৰাজ্যত বন্ধ হৈ আছে সকলো ধৰণৰ চৰকাৰী, বে-চৰকাৰী বিদ্যালয় ৷

লগতে পঢ়ক : ভতিজা বোৱাৰীক অশ্লীল মেছেজ দি বিতৰ্কত সংখ্যালঘু নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.