হোজাই, 28 মে': লামডিংত সাংবাদিক সকলক সম্বৰ্ধনা জনায় বিধায়ক শিবু মিশ্ৰ আৰু লামডিং ৰেলৱে মজদুৰ ইউনিয়নে । কৰ'ণা ভাইৰাছ সংকটৰ সময়ত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা তথা আৰ্তজনক সহায় কৰাৰ বাবে এই সম্বৰ্ধনা জনোৱা হয় ।
সাংবাদিক সকলক সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ মাজত জ্ঞাপন কৰে মাস্ক আৰু ছেনিটাইজাৰো । বিধায়ক শিবু মিশ্ৰই সাংবাদিক সকলে লোৱা সাৱধনাতাকৰ শলাগ লয় আৰু অনাগত দিনটো সাৱধান হৈ থাকিবলৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ।
লামডিংৰ বিধায়ক শিবু মিশ্ৰ আৰু লামডিং ৰেলৱে মজদুৰ ইউনিয়নে লোৱা এই পদক্ষেপক লামডিং প্ৰেছ ক্লাৱৰ তৰফৰ পৰা ধন্যবাদ জনায় ।