ETV Bharat / state

"মই বুঢ়া হোৱা নাই" কিয় ক'লে ৰাজেন গোঁহাইয়ে - হোজাই জিলা

বঢ়মপুৰ নাইবা নগাঁও সদৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ হেঁপাহ প্ৰাক্তন ৰাজ্যিক ৰে'ল মন্ত্ৰী ৰাজেন গোঁহাইৰ ।

Ex Minister Rajen Gohain Attended At Hojai Langka
মই বুঢ়া হোৱা নাই বুলি কিয় ক'লে প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীজনে !
author img

By

Published : Jul 6, 2020, 10:53 PM IST

হোজাই, 6 জুলাইঃ হোজাই জিলাৰ লংকাত উপস্থিত হয় প্ৰাক্তন ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাই ৷ লংকাত উপস্থিত হৈ দলীয় কৰ্মীসহ লংকাৰ বিশিষ্ট ব্যক্তি সকলৰ ঘৰে-ঘৰে গৈ জনসম্পৰ্ক কাৰ্য্যসূচী ৰূপায়ণ কৰে প্ৰাক্তন মন্ত্ৰী জনে ৷

প্ৰধান মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিজেপি চৰকাৰ খনৰ কামৰ খতিয়ান দাঙি ধৰাৰ উদ্দেশ্যে মন্ত্ৰী বিধায়ক সকলক জন সম্পৰ্ক ৰক্ষাৰ উদ্দেশ্যে ঘৰে ঘৰে যাবলৈ নিৰ্দেশ দিছিল ৷ ইতিমধ্যে সকলো মন্ত্ৰী বিধায়কে এই জন সম্পৰ্ক ৰক্ষা কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছে ৷

এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰাক্তন ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইয়ে হোজাই জিলাৰ লংকা টাউন মণ্ডলৰ দলীয় কৰ্মী সহ লংকাৰ বিশিষ্ট ব্যক্তি সকলৰ ঘৰত গৈ জনসম্পৰ্ক কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে, লংকা ৰেল ষ্টেচনত থকা দৰিদ্ৰ লোক সকলক নিজ হাতেৰে দুপৰীয়া আহাৰ বিতৰণ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ।

মই বুঢ়া হোৱা নাই বুলি কিয় ক'লে প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীজনে !

উক্ত কাৰ্যসূচীত উপস্থিত হৈ সাংবাদিকৰ আগত কয় যে, ম‌ই এতিয়াও ইমান বুঢ়া হৈ যোৱা নাই যে ৰাজনীতিৰ পৰা বাহিৰ হৈ যাব লগা অৱস্থা হৈছে । আগন্তুক বিধানসভাৰ নিৰ্বাচনত বঢ়মপুৰ নাইবা নগাঁও সদৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ হেঁপাহ প্ৰাক্তন ৰাজ্যিক ৰে'ল মন্ত্ৰী ৰাজেন গোঁহাইৰ । তেওঁ লগতে কয় যে, নিৰ্বাচনৰ টিকট দিয়াটো দলৰ কথা । ক'ৰণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা হোজাই ধলপুখুৰী মণ্ডলৰ প্ৰাক্তন সভাপতি তথা জিলা বিজেপিৰ জেষ্ঠ কৰ্মী ৰাম আৱতাৰ ভকতক হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ শ্মশানলৈ নিজে গৈ সৎকাৰ কৰা ক্ষেত্ৰত শিলাদিত্য দেৱক প্ৰসংসা কৰে প্ৰাক্তন মন্ত্ৰী জনে ।

আনহাতে, নগাঁৱৰ ধিঙত জানাজা অনুষ্ঠানত বহু মানুহ উপস্থিত হোৱা প্ৰসংগত কয় যে, তেওঁলোকে সামাজিক দূৰত্ব মানিহে কৰিব লাগিছিল । কিন্তু তেওঁলোকে প্ৰতিযোগিতামূলক ভাবে এনে কাম কৰিছে । প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে এনেদৰে বহু মানুহৰ সমাবেশ ঘটালে । এইয়া সহজ ভাবে ল'লে নহ'ব, এনে ঘটনাৰ বিৰুদ্ধে কঠোৰ ভাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীজনে ৷

লগতে পঢ়ক- কৃষকক কঠিয়া যোগানৰ লক্ষ্যৰে মন্ত্ৰী ৰঞ্জিত দত্তই পথাৰত সিচিলে বীজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.