হোজাই, 19 এপ্ৰিল : ৰঙালীৰ উল্লাসৰ মাজতে হোজাইত চলিল প্ৰশাসনৰ বুলড’জাৰ (Eviction Drive in Hojai) ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে মঙলবাৰে পুৱা হোজাই ৰে’ল ষ্টেচনৰ সন্মুখত থকা বিপণীসমূহত চলোৱা হ’ল এই উচ্ছেদ অভিযান (Hojai district administration conducts eviction drive) । প্ৰশাসনৰ এই অভিযানৰ সময়তে প্ৰাণ হেৰুৱাবলগীয়া হয় এগৰাকী ব্যৱসায়ীয়ে ৷
উচ্ছেদিত লোকসকলে সদৰি কৰা অনুসৰি, উচ্ছেদ সন্দৰ্ভত আগতীয়াকৈ কোনো লিখিত জাননী দিয়া নাছিল হোজাই জিলা প্ৰশাসনে ৷ লিখিত জাননীৰ পৰিৱৰ্তে কিছুদিন পূৰ্বে কেৱল মৌখিকভাৱে একাংশ ব্যৱসায়ীক উচ্ছেদ সম্পৰ্কে প্ৰশাসনৰ ফালৰ পৰা অৱগত কৰা হৈছিল ৷ কিন্তু কোনো সঠিক জাননী নিদিয়াকৈ হোজাই প্ৰশাসনে ৰে’ল ষ্টেচনৰ সন্মুখত থকা বিপণীসমূহত চলাইছে উচ্ছেদ অভিযান (Eviction drive against railway land encroachers in Hojai) ৷
এই উচ্ছেদ অভিযানৰ সময়ত অচিৎ দাস নামৰ এগৰাকী ব্যৱসায়ীয়ে উচ্ছেদ কৰিবলৈ অহা প্ৰশাসনৰ ওচৰত কিছু সময় বিচাৰিছিল, যাতে প্ৰয়োজনীয় কিছু সামগ্ৰী তেওঁৰ বিপণীখনৰ পৰা বাহিৰলৈ আনিব পাৰে ৷ কিন্তু ব্যৱসায়ী গৰাকীৰ কথাত গুৰুত্ব নিদিলে প্ৰশাসনে ৷ আনকি বিপণীখনৰ ভিতৰত ব্যৱসায়ীজন থকা অৱস্থাতে প্ৰশাসনে বুলড’জাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
ফলত গুৰুতৰভাৱে আহত হয় ব্যৱসায়ীজন ৷ তাৰ পাচতেই একাংশ লোকৰ তৎপৰতাত আহত ব্যক্তিগৰাকীক লৈ যোৱা হয় হাস্পতাললৈ ৷ জানিব পৰা মতে, প্ৰশাসনৰ উচ্ছেদ অভিযানত আহত হোৱা ব্যৱসায়ীগৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ৷
উল্লেখ্য যে, হোজাই আৰক্ষী আৰু ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত হোজাইত চলিছিল এই উচ্ছেদ অভিযান ।
লগতে পঢ়ক : Eviction Drive at Badarpur: কৰিমগঞ্জৰ বদৰপুৰত চলিল প্ৰশাসনৰ বুলড'জাৰ