ডবকা,২ ছেপ্তেম্বৰ: ডবকাত ইংলিছ স্পিকিং কৰ্চৰ এটা কেন্দ্ৰ মুকলি বিধায়ক ছিৰাজুদ্দিন আজমলৰ(English speaking course center open) । ইংৰাজী ভাষাৰ প্ৰতি শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডবকা বেংগলী বিদ্যানিকেতনত আজমল ইন্সটিটিউট অৱ কম্যুনিকেচনচ স্কিলছ(Ajmal Institute of Communications Skills)ৰ এটি শাখা বৃহস্পতিবাৰে বিয়লি শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে ৷ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত হৈ বিধায়ক ছিৰাজুদ্দিন আজমলে আগবঢ়াই কিছু গুৰুত্বপূৰণ মন্তব্য(MLA Sirajuddin Ajmal in Dabka) ।
বিধায়কগৰাকীয়ে কয় যে এই প্ৰচেষ্টাক আগুৱাই নিবলৈ স্থানীয় শিক্ষাবিদসকল, শিক্ষাৰ্থীসকলৰ লগতে সচেতন মহলৰ সহযোগিতা অত্যন্তই জৰুৰী ৷ উল্লেখ্য যে, ডবকা নগৰস্থিত ডবকা বাংলা বিদ্যা নিকেতন এম ই স্কুলত যমুনামুখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ উপস্থিতিত ইংলিছ স্পিকিং কৰ্চৰ কেন্দ্ৰৰ মুকলি অনুষ্ঠানত অধ্যাপক ৰশ্বিদ আহমেদ চৌধুৰী, মৰ্কজুল মা আৰিফৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
হোজাই মৰ্কজুল মা আৰিফৰ তত্বাৱধানত চলিব এই ইংলিছ স্পিকিং কেন্দ্ৰটো ৷ এই উপলক্ষে বিদ্যালয়খনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমল ৷ উক্ত সভাতে ভাষণ প্ৰসংগত উল্লেখ কৰে ইংৰাজী ভাষা অধ্যয়ণৰ গুৰুত্ব সন্দৰ্ভত ।
লগতে পঢ়ক: হালোৱাটিঙত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ