ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Jul 8, 2020, 12:09 PM IST

বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত পশ্চিম কাৰ্বি আংলঙত। চল্লিছ বিঘা ধানৰ কঠিয়া বিনষ্ট কৰাৰ লগতে কৃষকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীয়ে ৷

বন্যহস্তীয়ে বিনষ্ট কৰিলে কঠীয়া
পশ্চিম কাৰ্বি আংলঙত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

হোজাই, 8 জুলাই : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা খেৰণিৰ বন কাৰ্যালয়ৰ অধীনৰ চেং-বং গাঁৱত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে প্ৰৱেশ কৰি ব্যাপক ক্ষতিসাধন কৰে ৷ প্ৰকাশ ৰংপি নামৰ এজন কৃষকৰ পথাৰত ৰোপণ কৰিবলৈ সাজু কৰি ৰখা ধানৰ কঠীয়া ধংস কৰাৰ লগতে খাই তহিলং কৰে বন্যহস্তীয়ে ৷

উল্লেখযোগ্য যে,প্ৰায় চল্লিছ বিঘা কৃষিভূমিত কঠীয়া ৰুবৰ বাবে সাজু কৰি ৰাখিছিল কৃষকজনে। কিন্তু বন্য হস্তীৰ জাকে কঠীয়াখিনি ধংস কৰাত কৃষকজনে মূৰে কঁপালে হাত দিব লগা হৈছে।

বাসগৃহ ভাঙি লণ্ডভণ্ড

ইফালে প্ৰিলো গাঁৱতো চাৰিটাকৈ কৃষক পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীৰ জাকটোৱে। নিশা কাট ডেৰা, প্ৰয়াত বিনোদ টেৰণ, চৰ্দাৰ ইংতি আৰু বাবু ডেৰা নামৰ কৃষক পৰিয়ালকেইটাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খাদ্য সামগ্ৰী, ধান আদি খাই তহিলং কৰে। আনকি ঘৰৰ বয়বস্তু আদিও ভাঙি নষ্ট কৰে বনৰীয়া হাতীয়ে।

লগতে পঢ়ক : নোনা নৈৰ বানত ক্ষতিগ্ৰস্ত বহু হাজাৰ বিঘা কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.