ETV Bharat / state

হোজাই আৰক্ষী জালত ড্ৰাগছ সৰবৰাহকাৰী - Hojai drugs seize

হোজাই আৰক্ষী জালত ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে হোজাইৰ ভূঞাপট্টীৰ জাফৰ আলী ।

হোজাই আৰক্ষী জালত ড্ৰাগছ সৰবৰাহকাৰী
হোজাই আৰক্ষী জালত ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Aug 7, 2021, 10:33 PM IST

হোজাই,7 আগষ্ট : ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰিয়েই ৰাজ্যৰ পৰা ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বেহা উৎখাত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷ তাৰ পাছতে ৰাজ্যজুৰি অভিযান চলাই অসম আৰক্ষীয়ে কোটি কোটি টকাৰ ড্ৰাগছকে ধৰি নিচাজাতীয় সমাগ্ৰী উদ্ধাৰ কৰিছিল ৷ লগতে এই বেহাৰ সৈতে জড়িত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷

তাৰ মাজতে শনিবাৰে হোজাই আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে হোজাইৰ ভূঞাপট্টীৰ জাফৰ আলী । ধৃত জাফৰ আলীৰ পৰা আৰক্ষীয়ে 24 টা কন্টেনাৰত প্ৰায় 40 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি তথ্য লাভ কৰি হাম হাস্পাতালৰ সন্মুখৰ পৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

হোজাই আৰক্ষী জালত ড্ৰাগছ সৰবৰাহকাৰী

লগতে পঢ়কঃ অসম সীমান্তত অবৈধ অনুপ্ৰৱেশৰ চেষ্টা কৰা ১০ বাংলাদেশী আটক

ইপিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী জাফৰৰ লগত আৰু দুজন ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে জাফাৰ পৰা জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় 40 হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে ৷

সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী জাফৰক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে, শুকুৰবাৰেও গুৱাহাটী মহানগৰীৰ কটাহাবাৰীত গড়চুক আৰক্ষী আৰু ভৰলু আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছিল বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ আৰু বহিঃৰাষ্ট্ৰৰ নিচাজাতীয় টেবলেট ৷

নগদ ২ লাখ টকাসহ ৫ লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰো জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । কটাহবাৰীৰ মছজিদ গলিত ভাড়া ৰুমত বাহৰ পাতি স্বামী-স্ত্ৰী আৰু খুলশালীয়েকে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই অবৈধ বেহা ।

ড্ৰাগছ সৰবৰাহকাৰী কুৰবান আলীয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে, বিগত দুটা বছৰত মহানগৰীৰ সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানৰ ড্ৰাগছ ল’বলৈ ধন নহ'লে ঘৰৰ পৰা চুৰি কৰি আনি দি যায় সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে সোণ আৰু ৰূপৰ মুদ্ৰা ।

লগতে পঢ়কঃ লক্ষ্য বড়ো ভূমি: গৌৰৱৰ নেতৃত্বত সমিতি গঠন কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.