হোজাই, 27 আগষ্ট: ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ নিচাযুক্ত সামগ্ৰী এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ ইফালে ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Anti drugs mission) ৷ আৰক্ষীয়ে যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ পিছে অসম আৰক্ষীয়েও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান (Assam police against drugs) ৷
শেহতীয়াকৈ, হোজাই জিলাত আৰক্ষীয়ে ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drugs paddler arrested in Hojai)। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আজি পুৱতি নিশা এক অভিযান চলাই ৷ অভিযানকালত জব্দ কৰে ১২ গ্ৰাম ড্ৰাগছসহ সৰবৰাহকাৰী (Drugs seized) ৷
আটকাধীন সৰবৰাহকাৰীকেইটা ক্ৰমে সঞ্জয় দাস, প্ৰকাশ মণ্ডল আৰু কাৰ্তিক দে বুলি জানিব পৰা গৈছে । হোজাই চিংগাড়ীবস্তিৰ পৰা আটক কৰে তিনি সৰবৰাহকাৰীক । আৰক্ষীৰ তথ্য অনুসৰি জানিব পৰা মতে, জব্দকৃত ড্ৰাগছখিনি বিক্ৰীৰ বাবে ডিমাপুৰৰ পৰা সৰবৰাহ কৰি আনিছিল । জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় ১ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, ধৃত আটকাধীন কাৰ্তিক দে পূৰ্বৰ পৰাই জড়িত আছিল বিভিন্ন অসমাজিক তথা অনৈতিক কাৰ্যকলাপত ৷ সম্প্ৰতি তিনিও হোজাই আৰক্ষীৰ জিম্মাত আছে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: বাইহাটাত ড্ৰাগছসহ আটক চাৰি সৰবৰাহকাৰী