ETV Bharat / state

কি চলিছে ডবকাৰ টোলগেটত ? - ডবকা থানা

ডবকাৰ টোলগেট( Doboka toll plaza )ত প্ৰৱঞ্চনাৰে একাংশ বাহনৰ পৰা কৰ সংগ্ৰহ কৰাৰ এক অভিযোগ উত্থাপন কৰিছে চালক সন্থাই ৷ এই সন্দৰ্ভত শেহতীয়াকৈ ব্যাপক প্ৰতিবাদত লিপ্ত হ’ল চালক সন্থা ৷

drivers-association-goes-for-protest-against-doboka-toll-gate
কি চলিছে ডবকাৰ টোলগেটত?
author img

By

Published : Aug 19, 2021, 10:23 PM IST

হোজাই, 19 আগষ্ট : টোলগেটে চিন্তিত কৰি তুলিছে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজক ৷ এনে সময়তে হোজাই জিলাৰ ডবকাত চালক সন্থাই টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ জৰিয়তে পুনৰ ডবকাৰ টোলগেট( Doboka toll plaza )ত প্ৰৱঞ্চনাৰে একাংশ বাহনৰ পৰা কৰ সংগ্ৰহ কৰাৰ এক অভিযোগ উত্থাপন কৰে চালক সন্থাই ৷

টোলগেটেৰে যাতায়ত নকৰা একাংশ বাহনৰ পৰা প্ৰৱঞ্চনাৰে কৰ সংগ্ৰহ কৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে । চালক সন্থাৰ অভিযোগ মতে, টোলগেট খনত গোপনে প্ৰৱঞ্চনাৰে কৰ সংগ্ৰহ কৰা হোৱাৰ লগতে চিণ্ডিকেট ৰাজ চলিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত টোলগেটৰ বিৰুদ্ধ ডবকা থানাত এক গোচৰো ৰুজু কৰে চালক সন্থাই ।

কি চলিছে ডবকাৰ টোলগেটত?

অবৈধভাৱে যান-বাহনৰ পৰা কৰ সংগ্ৰহ কৰাৰ বাবে ডবকাৰ টোলগেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ডবকা টোল গেটত কেতবোৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে । টোল গেটৰ কৰ্মচাৰীয়ে বিহুৱা দলক আক্ৰমণ কৰাৰ দৰে ঘটনাও উক্ত স্থানত সংঘটিত হোৱাৰ অভিযোগ আছে ৷ নিশা অনুষ্ঠান সামৰি ডবকা টোলগেত আহি উপস্থিত হোৱা এটা বিহুৱা দলক টোলগেটৰ কৰ্মচাৰীয়ে আক্ৰমণ কৰাৰ ঘটনাই কেইমাহ মান পূৰ্বে স্বাঞ্চল্যৰ সৃষ্টি কৰিছিল ।

ইয়াৰোপৰি বহুবাৰ নিৰ্ধাৰিত মূলতকৈ অধিক ধন দাবী কৰাৰো অভিযোগ উত্থাপন হৈছে টোলগেটৰ কৰ্মচাৰীৰ বিৰুদ্ধে । ইয়াৰ বিৰোধিতা কৰা টোলগেটৰ একাংশ কৰ্মচাৰীয়ে মাৰ-পিট কৰাৰ ঘটনা কেইবাবাৰো সংঘটিত হৈছে । এতিয়া চালক সন্থাৰ বিস্ফোৰক অভিযোগৰ পাছত সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : গো-সুৰক্ষা আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.