ETV Bharat / state

ডবকাৰ কোৱাৰেন্টাইন চেণ্টাৰত অৰাজকতা

author img

By

Published : Jul 16, 2020, 4:54 PM IST

ক'ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য়ত সৃষ্টি কৰা হৈছে কোৱাৰেন্টাইন চেন্টাৰ ৷ কিন্তু এই কোৱাৰেন্টাইন চেন্টাৰ সমূহত সময়ে-সময়ে কোনো ধৰণৰ সা-সুবিধা নথকাৰ অভিযোগ কৰি আহিছে একাংশ লোকে ৷ এইবাৰ এই অভিযোগ উখাপন হৈছে ডবকাৰ এটা কোৱাৰেন্টাইন চেন্টাৰত ৷ কোৱাৰেন্টাইনত থকা লোক কেইজনক কোনো ধৰণৰ সা-সুবিধা কৰি নিদিয়াৰ ফলত বাৰাণ্ডাতে নিশা কটাবলগীয়া হোৱা বুলি উল্লেখ কৰে লোক কেইজনে ৷

Doboka quarantine centre not providing food
ডবকাৰ কোৱাৰেন্টাইন চেণ্টাৰত অৰাজকতা

কামপুৰ, 16 জুলাই : ক'ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য়ত সৃষ্টি কৰা হৈছে কোৱাৰেন্টাইন চেন্টাৰ ৷ ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ উপৰিও বহিঃৰাজ্যৰ পৰা লোকসকলক কোৱাৰেন্টাইন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ কিন্তু এই কোৱাৰেন্টাইন চেন্টাৰ সমূহত সময়ে-সময়ে কোনো ধৰণৰ সা-সুবিধা নথকাৰ অভিযোগ কৰি আহিছে একাংশ লোকে ৷

ডবকাৰ কোৱাৰেন্টাইন চেণ্টাৰত অৰাজকতা

এইবাৰ এই অভিযোগ উখাপন হৈছে ডবকাৰ এটা কোৱাৰেন্টাইন চেন্টাৰত ৷ অভিযোগ অনুসৰি,ডবকাৰ মদাৰতলি উচ্চ ইংৰাজী বিদ্যালয়ৰ কোৱাৰেন্টাইন চেণ্টাৰত মণিপুৰৰ পৰা অহা ৮ জন লোকক থাকিবলৈ দিয়া হৈছে ৷ কিন্তু কোৱাৰেন্টাইনত থকা লোক কেইজনক কোনো ধৰণৰ সা-সুবিধা কৰি নিদিয়াৰ ফলত বাৰাণ্ডাতে নিশা কটাবলগীয়া হোৱা বুলি উল্লেখ কৰে লোক কেইজনে ৷

আনকি, লোক কেইজনৰ অভিযোগ অনুসৰি, খাদ্যৰ নামত তেওঁলোকক খাবলৈ দিয়া হৈছিল চিৰা আৰু মুড়ি ৷ যাৰ বাবে কোৱাৰেন্টাইন চেন্টাৰটোক লৈ সৃষ্টি হৈছে বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়া ৷ অৱশেষত ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই নিজৰ গাঁঠিৰ ধন খৰচ কৰি লোক কেইজনক খাদ্য়ৰ যোগান ধৰা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,কোৱাৰেন্টাইন চেণ্টাৰটোত এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ অহাৰ পিচতো জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাত আশ্চৰ্য প্ৰকাশ কৰে ডবকাবাসীয়ে ৷

লগতে পঢ়ক : অখিল গগৈক মুক্তিৰ দাবীত চিপিআই (এমএল)ৰ 24 ঘণ্টীয়া অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.