হোজাই, 27 মে’: কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (KAAC election 2022), বটদ্ৰৱা কাণ্ড আৰু চিত্ত ৰঞ্জন বসুমতাৰীৰ অসম জাতীয় পৰিষদ ত্যাগ (Chittaranjan Basumatary left AJP) সন্দৰ্ভত মন্তব্য বিজেপি ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ । শুকুৰবাৰে লংকাত উপস্থিত হৈ বিষয়কেইটাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷
তেওঁ জানিবলৈ দিয়ে যে, শুকুৰবাৰে পুৱাৰ ভাগত কাৰ্বি-আংলং জিলাত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দলীয় ৰণ কৌশল সন্দৰ্ভত আলোচনাত কৰা হয় (Bhabesh Kalita in Karbi Anglong)। অহা ৮ জুনত কাৰ্বি আংলংত যি নিৰ্বাচন হ’ব সেই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী সকলক কি দৰে নিৰ্বাচনত জয়ী কৰোৱাব পাৰি তাৰ ওপৰত আলোচনা হয় বুলি সভাপতিজনে কয় ।
ভৱেশ কলিতাৰ মতে ইতিমধ্যেই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলত বিজেপিৰ যি উত্থান হৈছে, জনসাধাৰণে যিদৰে বিজেপিক গ্ৰহণ কৰিছে, ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে জিলাখনত যি উন্নয়ন হৈছে বা কাৰ্বি-আংলংৰ সকলো ৰাইজ বিজেপিৰ প্ৰতি যিদৰে সন্তুষ্ট হৈছে ই প্ৰমাণ কৰে যে, নিৰ্বাচনত ২৬ খন আসনৰ আটাইকেইখনতে বিজেপিয়ে জয় লাভ কৰিবলৈ সক্ষম হ’ব ৷
ইফালে বটদ্ৰৱা থানা জ্বলাই দিয়া কাৰ্যক গৰিহণা দি ভৱেশ কলিতাই কয় যে, থানা জ্বলাই গুৰুজনা আৰু অসমীয়া জাতিক অপমান কৰা হৈছে ৷ এনে দুষ্কাৰ্যৰে শান্তি প্ৰিয় সমাজত অশান্তি নিবিয়পাবলৈ দুষ্কৃতিকাৰীক সকীয়নি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita on Batadrava incident)৷ এই ঘটনাৰ আঁৰত তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ সভাপতিগৰাকীৰ ৷ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰি একাংশই ৰাজ্যৰ উন্নয়নৰ গতি স্থৱিৰ কৰিব খোজা বুলি উল্লেখ কৰে ভৱেশ কলিতাই ৷
আনহাতে, অসম জাতীয় পৰিষদৰ পৰা চিত্তৰঞ্জন বসুমতাৰীয়ে পদত্যাগ কৰা সন্দৰ্ভত ভৱেশ কলিতাই কয় যে, দলটোৰ অসমত কোনো অস্তিতই নাই ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এখন আসন লাভ কৰা দলটোৱে অসমত কি কৰিব বুলি প্ৰশ্ন কৰে কলিতাই ৷
লগতে পঢ়ক : কংগ্ৰেছত অথন্তৰ লাগিয়েই আছে: ৱাজেদ আলী চৌধুৰীলৈ শ্ব' ক'জ