ETV Bharat / state

গ্ৰাহকৰ একাউন্টৰ পৰা ধন হৰলুকী হোৱাক লৈ ডবকাত উত্তপ্ত পৰিস্থিতি - ৰাইজৰ প্ৰতিবাদ

বিগত চাৰি দিন ধৰি অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ ৷ অতি শীঘ্ৰে বেংকটোৰ ক্ষুদ্ৰ শাখা পৰিচালক চেলিম মর্তুজাক গ্ৰেপ্তাৰৰ দাবী স্থানীয় ৰাইজৰ

ডবকাত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Apr 12, 2019, 1:26 PM IST

হোজাই,12 এপ্ৰিলঃ হোজাই জিলাৰ নিজ ডবকাত বিগত চাৰি দিন ধৰি অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ ৷ ডবকা গ্ৰামীণ বিকাশ বেংকৰ অধীনত থকা নিজ ডবকাৰ ক্ষুদ্ৰ বেংক শাখাৰ পৰিচালক চেলিম মর্তুজাইয়ে গাঁৱৰ বিভিন্ন লোকৰ একাউন্টৰ পৰা তেওঁলোকৰ হাতৰ টিপ চহীলৈ ধন হৰলুকী কৰাক লৈ অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ ৷ ডবকাবাসী ৰাইজ আৰু হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চেলিম মর্তুজাইৰ বিৰুদ্ধে পৃথকে পৃথকে ডবকা থানাত গোচৰ ৰুজু কৰিছে যদিও পৰিচালক চেলিম মর্তুজাক আজিপৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই ডবকা আৰক্ষীয়ে ৷ ইপিনে ডবকা আৰক্ষীৰ এই নীৰৱতাক লৈ ক্ষুব্ধ হৈ পৰা ডবকাবাসী ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দাবী, অতি শীঘ্ৰে চেলিম মর্তুজাক গ্ৰেপ্তাৰ কৰাৰ লগতে গ্ৰাহকৰ নামত আৱন্টিত ধন উভতাই দিব লাগে ৷ অন্যথা অতি জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব চেলিম মর্তুজা ৷ লগতে তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই এই সকলো তথ্য পোহৰলৈ আহিব বুলিও দাবী কৰে অঞ্চলটোৰ ৰাইজে ৷

ডবকাত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, ডবকা গ্ৰামীণ বিকাশ বেংকৰ অধীনত থকা গ্ৰাহক সকলৰ একাউন্টত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূর্তত হঠাৎ চৰকাৰে দহ হাজাৰ দুশ টকাকৈ আগবঢ়ায় ৷ চৰকাৰে আগবঢ়োৱা এই ধন অতি চতুৰালীৰে হিতাধিকাৰীৰ বেংক একাউন্টৰ পৰা তেওঁলোকৰ হাতৰ টিপ চহী লৈ উলিয়াই নিছিল বেংকটোৰ ক্ষুদ্ৰ শাখা পৰিচালক চেলিম মর্তুজাই ৷

ডবকাত প্ৰতিবাদৰ জোঁৱাৰ !!

হোজাই জিলাৰ নিজ ডবকাত আজি চাৰি দিন ধৰি অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ !!

ডবকা গ্ৰামীন বিকাশ বেংকৰ অধীনত থকা গ্ৰাহক সকলৰ একাউন্টত লোক সভা নির্বাচনৰ প্রাক মুহর্তত হঠাৎ চৰকাৰে দহ হাজাৰ দুশ  টকাকৈ আগবঢ়ায় !!

ডবকা গ্ৰামীন বিকাশ বেংকৰ অধীনত থকা নিজ ডবকাৰ চি এছ পি ৰ সঞ্চালক ছেলিম মর্তুজায় বৃদ্ধ মানুহৰ বুঢ়া আঙুলিৰ টিপ চহীলৈ দুশ / তিনিশ টকাকৈ দি বাকী  টকা আত্মসাৎ কৰে !!

 তাৰ পাছতে ডবকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় !!

 ডবকাবাসী ৰাইজ আৰু হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পৃথকে পৃথকে গোচৰ ৰুজু কৰে ডবকা থানাত !!

কিন্তু অতি পৰিতাপৰ বিষয় যে ডবকা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই !!

 আৰক্ষীৰ এই নিৰবতাক লৈ প্ৰতিক্ৰিয়া ৰাইজৰ !!

 ডবকাবাসী ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দাবী অতি শীঘ্রে চেলিম মর্তুজাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্রাহকৰ আৱন্টিত ধন উভতাই দিব লাগে !!

অন্যতা জটিল পৰিস্থিতিৰ সন্মুখীন হব লাগিব চেলিম  মর্তুজা !!

ছেলিম মর্তুজাক গ্রেপ্তাৰ কৰিলে সমগ্ৰ ৰহস্য  পোহৰলৈ আহিব বুলি দাবী উত্তাপন কৰে হোজাই জিলা কৃষক মুক্তি সংগ্রাম সমিতিয়ে !!

On Mon, 8 Apr 2019 11:47 am MANASHPRATIM TAMULIPHUKAN, <manashpratim.tamuliphukan@etvbharat.com> wrote:
SLUG: HOJAI DABAKA_BANK ACCOUNT MONEY LOOT.

Date: 8/4/2019

Vis : email

STORY: হোজাইৰ ডবকাত বহু লোকৰ বেংক একাউন্টত সোমাল অজ্ঞাত স্থানৰ পৰা ধন ৷ কৌশলেৰে বেংকৰ ক্ষুদ্ৰ শাখাৰ পৰিচালকে লুটিলে গ্ৰাহকৰ  ধন ৷ 

ANCHOR : নিৰ্বাচনৰ আচৰন বিধি চলি থকাৰ মাজতে হঠাতে একাংশ লোকৰ বেংক একাউন্টত সোমাল হাজাৰ হাজাৰ টকা ৷ সোমোৱা টকা আকৌ কৌশলগত ভাবে হৰলুকি কৰিলে ক্ষুদ্ৰ বেংক শাখাৰ পৰিচালকে ৷ কত সংগঠিত হৈছে এই ঘটনা, চাওঁ আহক আমাৰ এক প্ৰতিবেদন ৷

V.O. হয় নিৰ্বাচনী আচৰন বিধি চলি থকাৰ মাজতে হঠাতে ডবকাৰ একাংশ লোকৰ বেংক একাউন্টত সোমাল হাজাৰ হাজাৰ টকা ৷ ডবকাৰ নিজ ডবকা আৰু ডবকা পথাৰ গাৱৰ বহু লোকৰ বেংক একাউন্ট এনে অজ্ঞাত স্থানৰ ধন সোমোৱাক লৈ তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি হৈছে ৷ নিজ ডবকা গাৱত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ দিশকো অধিক লোকৰ এনে একাউন্টত যোৱা মাৰ্চ মাহৰ অন্তিম সপ্তাহত ১০,২০০ টকাকৈ সোমায় ৷ এই কথা পোহৰলৈ আহিছে একাংশ গ্ৰাহকৰ বেংক একাউন্টত টকা সোমোৱাৰ পাছত মোবাইলত মেছেজ লাভ কৰাৰ পাছত ৷ 

আনহাতে টকা সোমোৱাৰ পাছত নিজ ডবকাত থকা অসম গ্ৰামীন বিকাশ বেংকৰ শাখাত ক্ষুদ্ৰ শাখাৰ পৰিচালক চেলিম মুৰতাজা আহমেদে কৌশলগত ভাবে সকলো গ্ৰাহকৰ বেংক একাউন্ট সমূহ হস্তগত কৰে ৷ পাছত একাংশ লোকৰ হাতৰ আঙুলিৰ চাপ লৈ পাছকৈ টকাকৈ দি বাকী সমুদায় ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ইফালে ঘটনাটো পোহৰলৈ অহাৰ পাছত গাওঁকেইখনৰ প্ৰায় প্ৰায় দুই শতাধিক লোকে কালি চেলিম মোৰতাজা আহমেদৰ ঘৰ ঘেৰাওঁ কৰি নিজৰ প্ৰাপ্য ধন আৰু বেংক পাছবুক বিচাৰি ঘেৰাওঁ কৰে ৷ পৰিস্থিতি বিষম দেখি ক্ষুদ্ৰ শাখাৰ পৰিচালক চেলিম মোৰতাজা আহমেদ ঘৰৰ পৰা পলায়ন কৰে ৷ পাছত ঘটনাস্থলিত ডবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়নন্ত্ৰন কৰে ৷

একাংশ লোকে এই ধন এনেৰেগাৰ আচনিকৰ অধীনৰ জবকাৰ্ড ধাৰী শ্ৰমিকৰ বুলি দাবী কৰিছে যদিও ডবকা গাওঁপঞ্চায়তৰ সভাপতি, কাউন্সিলৰে অস্বীকাৰ কৰিছে ৷ তেওঁলোকৰ লগতে কৃষক মুক্তিৰ ডবকা আঞ্চলিক সমিতিয়ে চেলিমৰ বিৰুদ্ধে গোচৰ তৰিছে ৷ নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত কৰ পৰা এনে ধন ধন আহি সোমাল সেইয়া আৰক্ষীৰ তদন্তহে উলায় পৰিব ৷

Byte:1,2,3: স্থানীয় লোক ৷
Byte:4: আৰক্ষী, বিষয়া ৷

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.