ETV Bharat / state

হোজাইবাসীক CVIGIL এপ ব্যৱহাৰৰ আহবান প্ৰশাসনৰ

author img

By

Published : Mar 18, 2021, 7:07 PM IST

ভাৰতৰ নির্বাচন আয়ােগে আৰম্ভ কৰা CVIGIL এপ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনাই হােজাই জিলা প্রশাসনৰ । এপৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি ৰক্ষা কৰাত ৰাইজৰ সহযোগিতা কামনা কৰে জিলা প্ৰশাসনে ।

হোজাইবাসীক cVIGIL এপ ব্যৱহাৰৰ আহবান জিলা প্ৰশাসনৰ

হোজাই,১৮ মাৰ্চ: ভাৰতৰ নির্বাচন আয়ােগে বিধানসভা নির্বাচন ২০২১ স্বচ্ছ, নিকা আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত কৰাৰ প্রতি লক্ষ্য ৰাখি বিভিন্ন কার্যপন্থা হাতত লৈছে । তাৰ ভিতৰত ৰাইজৰ প্রত্যক্ষ সহযােগৰ আৱশ্যকতাৰ প্রতি লক্ষ্য ৰাখি ভাৰতৰ নির্বাচন আয়ােগে ৰাইজৰ বাবে চিভিজিল (CVIGIL) নামৰ এক ম'বাইল এপ্লিকেছন মুকলি কৰিছে ।

এই এপটোৰ বিশেষত্ব হ'ল যে, কোনাে দুষ্টচক্ৰই যদি নির্বাচনৰ আদর্শৰ আচৰণ বিধি ভংগ বা নির্বাচন ব্যয়ৰ বিধি ভংগৰ কোনাে কার্যত লিপ্ত হােৱা সময়ত এই এপৰ জৰিয়তে ফটো বা ভিডিঅ' গ্রহণ কৰি নির্বাচন কৰ্তৃপক্ষৰ ওচৰত অভিযােগ দিব পাৰিব ৷ এই অভিযােগসমূহ তাৎক্ষণিকভাৱে নিস্পত্তিৰ ব্যৱস্থা কৰা হৈছে ।

এই বিশেষ এপটো ব্যৱহাৰ কৰিবলৈ হােজাই জিলা প্রশাসনে আহ্বান জনাই জিলাখনৰ ৰাইজক । নির্বাচন আয়ােগৰ এই এপটো ব্যৱহাৰ কৰি গণতন্ত্রৰ এজন স্বতন্ত্র প্রহৰী হৈ স্বচ্ছ, নিকা আৰু নিৰপেক্ষভাৱে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলাৰ ৰাইজক এক বলিষ্ঠ ভূমিকা গ্রহণ কৰি জিলা প্রশাসনক সহায়-সহযােগিতা আগবঢ়াবলৈ আহবান জনায় ।

লগতে পঢ়ক: শুকুৰবাৰে চাবুৱালৈ আহিব ৰাহুল গান্ধী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.