ETV Bharat / state

হোজাইৰ হাস্পতালত উলংঘন ক'ভিড স্বাস্থ্যবিধি

author img

By

Published : Apr 21, 2021, 9:23 PM IST

হোজাই জিলাৰ লংকাৰ প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্যবিধি উলংঘনৰ অভিযোগ উত্থাপন হৈছে । ক'ভিড প্ৰতিষেধক ল'বলৈ অহা লোকৰ মাজত আনকি নাই সামাজিক দূৰত্ব । গাত গা লগাই প্ৰতিষেধক ল'বলৈ ৰাইজে শাৰী পাতি থকা পৰিলক্ষিত হৈছে ।

হোজাইত উলংঘন ক'ভিডৰ চৰকাৰী নিয়ম
হোজাইত উলংঘন ক'ভিডৰ চৰকাৰী নিয়ম

হোজাই, ২১ এপ্ৰিল: ৰাজ্যত ভয়ানকভাৱে কৰ'ণা সংক্ৰমিত হোৱা দেখা গৈছে । কঠোৰ হৈছে চৰকাৰ তথা প্ৰশাসন । ইতিমধ্যে ক'ভিড সম্পৰ্কীয় গাইডলাইনো জাৰি কৰিছে চৰকাৰে । কিন্তু এতিয়াও বহু লোক সজাগ হোৱা নাই । স্বাস্থ্যবিভাগে জাৰি কৰা ক'ভিড প্ৰট'কল বহুতে উলংঘন কৰা দেখা গৈছে । আনকি একাংশ হাস্পতালতে ক'ভিড উলংঘনৰ অভিযোগ উত্থাপন হৈছে ।

হোজাইৰ হাস্পতালত উলংঘন ক'ভিড স্বাস্থ্যবিধি

হোজাই জিলাৰ লংকাৰ প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্যবিধি উলংঘনৰ অভিযোগ উত্থাপন হৈছে । ক'ভিড প্ৰতিষেধক ল'বলৈ অহা লোকৰ মাজত আনকি নাই সামাজিক দূৰত্ব । গাত গা লগাই প্ৰতিষেধক ল'বলৈ ৰাইজে শাৰী পাতি থকা পৰিলক্ষিত হৈছে ।

আনহাতে হোজাই এফ আৰ ইউত ক'ভিড প্ৰট'কল ভংগৰো অভিযোগ উঠিছে । ইয়াৰ পিছতে একাংশ সচেতন লোকে প্ৰশ্ন কৰিছে, হাস্পতালতে যদি স্বাস্থ্যবিধি উলংঘন হয় তেনেহ'লে আন ঠাইত ক'ত থাকিব নীতি-নিয়ম । বহুতে প্ৰশ্ন কৰিছে যদিহে হোজাই জিলা প্ৰশাসন এই ক্ষেত্ৰত কঠোৰ নহয় তেনেহ'লে অতি ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিব জিলাখনত ।

লগতে পঢ়ক:ধোনীৰ পিতৃ-মাতৃ কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.