ETV Bharat / state

Assam Municipal Election 2022 : হোজাইত গেৰুৱা বাহিনীৰ সন্মুখত বিধ্বস্ত বিৰোধী

author img

By

Published : Mar 9, 2022, 12:35 PM IST

হোজাইৰ ডবকা পৌৰসভাৰ ১ নং ৱাৰ্ডত বিজেপি, ৩ নং ৱাৰ্ডত এআইইউডিএফ, ৫ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰৰ্থী আৰু হোজাই পৌৰসভাৰ ৩ নং ৱাৰ্ডত কংগ্ৰেছ, ৯ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে ৷

Assam Municipal Election 2022
হোজাইৰ চাৰিটা পৌৰসভাত আৰম্ভ ভোটগণনা

হোজাই, 9 মাৰ্চ : হোজাইৰ চাৰিখন পৌৰসভাতো বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে বিজেপিয়ে (Assam Municipal Election 2022) ৷ হোজাই সদৰৰ শংকৰদেৱ নগৰত পুৱা ৮ বজাৰ পৰা কটকটীয়া নিৰাপত্তা মাজেৰে জিলাখনৰ চাৰিটা পৌৰসভা ক্ৰমে হোজাই, ডবকা, লংকা আৰু লামডিং পৌৰসভাত ভোট গণনা অব্যাহত আছে ৷ বুধবাৰে পুৱাতে জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে শুভাৰম্ভ কৰে ভোটগণনা প্ৰক্ৰিয়াৰ ৷

উল্লেখ্য যে, ৬ মাৰ্চত অনুষ্ঠিত হোৱা অসম পৌৰসভা নিৰ্বাচন হোজাই জিলাত শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছিল ভোটগ্ৰহণ কাৰ্য (Municipal Election Results) । হোজাই পৌৰসভাৰ ঘোষিত ফলাফল অনুসৰি ডবকা পৌৰসভাৰ ১ নং ৱাৰ্ডত অগপ প্ৰাৰ্থী মতিউৰ ৰহমান আৰু ৩ নং ৱাৰ্ডত এআইইউডিএফ প্ৰাৰ্থী জয়ী হৈছে ৷

হোজাইৰ চাৰিটা পৌৰসভাত আৰম্ভ ভোটগণনা

আনহাতে, হোজাই পৌৰসভাৰ ৫ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী সুশ্বাৰকান্তি পালে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি ১৯ টা ৱাৰ্ডৰ দুটা ৱাৰ্ড ক্ৰমে ৩ নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী বিশ্বজিৎ ঘোষ আৰু ৯ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী অভিজিৎ দাসে জয়ী হ’বলৈ সক্ষম হৈছে ৷

তথ্য অনুসৰি, লংকা পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ বিজয়ীসকল ক্ৰমে-

  • ১ নং ৱাৰ্ডত পাৰমিতা ৰায় চাহা(বিজেপি),
  • ২ নং ৱাৰ্ডত প্ৰাৰ্থ সাৰথি পাল (বিজেপি),
  • ৩ নং ৱাৰ্ডত হিফজুৰ ৰহমান (এআইইউডিএফ),
  • ৪ নং ৱাৰ্ডত অভিজিৎ দাস (নিৰ্দলীয়),
  • ৫ নং ৱাৰ্ডত কাঞ্চন শীল দাস (বিজেপি),
  • ৬ নং ৱাৰ্ডত মৌচুমী দাস দে (বিজেপি),
  • ৭ নং ৱাৰ্ডত ৰাজীৱ চন্দ্ৰ শীল( নিৰ্দলীয়),
  • ৮ নং ৱাৰ্ডত ৰামপ্ৰসাদ ৰায় (বিজেপি),
  • ৯ নং ৱাৰ্ডত মিত্ৰা চন্দ (নিৰ্দলীয়),
  • ১০ নং ৱাৰ্ডত ৰমা মজুমদাৰ (নিৰ্দলীয়) আৰু
  • ১১ নং ৱাৰ্ডত বিশ্বজিৎ দেৱ (বিজেপি) ৷

লগতে পঢ়ক : Assam Municipal Election 2022 : মিত্ৰজোঁটৰ দখলত টীয়ক পৌৰসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.