হোজাই , 23 মে’: হোজাই জিলাৰ যমুনামুখৰ দুটাকৈ অঞ্চল জিলা প্রশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে । উল্লেখযোগ্য যে,প্ৰশাসনে যমুনামুখ থানাৰ সমুখৰ পৰা নতুন ষ্টেচন লৈকে কন্টেইনমেন্ট জ'ন ঘোষনা কৰিছে এই কন্টেইনমেন্ট জ’ন।
![containment zone in jamunamukh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-04-23may-covid-photo-10015_23052021161722_2305f_1621766842_646.jpg)
ইফালে, এই অঞ্চলটোত বাহিৰা কোনো লোক প্রৱেশ কৰিব নোৱাৰাৰ লগতেএই অঞ্চলৰ লোকৰ ওলোৱা সোমোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে প্ৰশাসনে । উল্লেখযোগ্য যে, যমুনামুখত বিগত দুটা দিনত ২৭ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ৷ পৰৱৰ্তী সময়ৰ বাবে এই কভিড সংক্ৰমণ ৰোধৰ বাবে জিলা প্ৰশাসনৰ দ্বাৰা এই ব্যৱস্থা লোৱা হৈছে ।
ইফালে, ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰাল ভাৱে হোজাই জিলাতো ব্যাপকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ অৱশ্যে, প্ৰশাসনৰ ক’ভিড নীতি অৱলম্বন কৰি কৰ’ণাৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনত হোজাই বাসীৰ সচেতন অংশগ্ৰহণ অব্যাহত আছে ৷
লগতে পঢ়ক :ডিব্ৰুগড়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান