হোজাই, 27 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিচতে ৰাজনৈতিক দলসমূহৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাতে এক নতুন ৰূপ লৈছে ৷ এইবাৰ হোজাই জিলাত প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাতৰ ফলত কংগ্ৰেছৰ কৰ্মীৰ মাজতে সৃষ্টি হয় হতাহতি ৷
উল্লেখ্য যে, লামডিঙত কংগ্ৰেছৰ দলৰ এখন জনসভা অনুষ্ঠিত হয় ৷ উক্ত সভাত লামডিং সমষ্টিৰ কংগ্ৰেছ নেতা বিশ্বজিৎ ৰায় আৰু স্বপন কৰৰ ফৈদৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰীক কাজিয়াৰ সূত্ৰপাত হয় ।
সভাত উপস্থিত আছিল সুস্মিতা দেৱ, অজিত সিং আদি নেতা ৷ অৱশেষত ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।
লগতে পঢ়ক:পাকিস্তান জিন্দবাদ ধ্বনি দিয়া লোকৰ ভোট নালাগে বিজেপিক !