ETV Bharat / state

হোজাইত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘাত - হোজাই

হোজাইৰ লংকাত নিৰ্বাচন কেন্দ্ৰিক সংঘাত ৷ শুকুৰবাৰে নিশা লংকাত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ সৃষ্টি ৷ দুয়োটা দলৰে কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ ৷

conflict between bjp and congress workers in hojai
হোজাইত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাত
author img

By

Published : Mar 20, 2021, 5:54 PM IST

হোজাই,20 মাৰ্চ: হোজাইৰ জিলাৰ লংকাত বিজেপি আৰু কংগ্ৰেছ কৰ্মী সকলৰ মাজত হোৱা খণ্ডযুদ্ধই শুকুৰবাৰে নিশা এক গুৰুতৰ সংঘাতৰ ৰূপ লয় ৷ এই নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ পাছতে বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে আৰু কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে প্ৰহাৰ কৰাৰ অভিযোগ আনিছে ৷ বিজেপি কৰ্মীসকলে কংগ্ৰেছ কৰ্মীয়ে তেওঁলোকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰাৰ পৰিৱৰ্তে কংগ্ৰেছৰ কৰ্মীসকলেও অনুৰূপ অভিযোগ উত্থাপন কৰি বিজেপি কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিছে ৷

কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ আৰু বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ

ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে নিশা লংকা ক্ৰীড়া সন্থাৰ খেলপথাৰত এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানে আয়োজন কৰা এক অনুষ্ঠানত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত হোৱা বাকযুদ্ধই সংঘাতৰ ৰূপ লয় ৷ ঘটনাৰ ফলত বিজেপি কৰ্মী বাপ্পী শীল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ লংকা প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হয় ৷

বিজেপি কৰ্মীসকলে কংগ্ৰেছ কৰ্মীয়ে এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পৰিৱৰ্তে এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ কৰ্মীসকলে এই সমগ্ৰ অভিযোগ নস্যাৎ কৰে ৷ সমগ্ৰ ঘটনাটোক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিযোগ কৰি প্ৰথমে বিজেপি কৰ্মীসকলেহে মাৰপিট আৰম্ভ কৰা বুলি অভিযোগ কৰাৰ লগতে লংকা আৰক্ষী থানাত গোচৰ ৰুজু কৰা বুলি কংগ্ৰেছ কৰ্মীসকলে জানিবলৈ দিছে ৷

লগতে পঢ়ক: ডিমা হাছাওত নিৰ্বাচনী হিংসা: কংগ্ৰেছ কৰ্মীক আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.