ETV Bharat / state

CM Himanta Biswa Sarma at Hojai: হোজাইৰ বানাক্ৰান্তলৈ 3,800 টকাকৈ এককালীন সাহাৰ্য

author img

By

Published : Jul 11, 2022, 6:49 PM IST

Updated : Jul 11, 2022, 10:52 PM IST

হোজাইত বানাক্ৰান্তৰ অৱস্থাৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Flood situation in hojai) । গৰাখহনীয়া, হাইলেণ্ড আৰু আশ্ৰয় শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ ।

CM Himanta Biswa Sarma visits flood hit Hojai
হোজাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হোজাই, 11 জুলাই : হোজাইত বানাক্ৰান্তক খবৰ লোৱাৰ বাবে সোমবাৰে জিলাখনত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই হেলিকপ্টাৰযোগে হোজাইৰ ৰাজবাৰীত অৱতৰণ কৰি পোনে পোনে উপস্থিত হয় হোজাইৰ দক্ষিণ কেন্দুগুৰিত । তেওঁ কেন্দুগুৰিৰ কপিলীৰ খহনীয়া আৰু ছিগা মথাউৰি পৰিদৰ্শন কৰে(CM Himanta Biswa Sarma at Hojai) ।

ইয়াৰ পৰা তেওঁ দক্ষিণ কেন্দুগুৰিৰ বৰ নামঘৰত উপস্থিত হৈ সেৱা লোৱাৰ লগতে নামঘৰ প্ৰাংগনতে বানপীড়িত ৰাইজৰ লগত আলোচনাত মিলিত হয় । কেন্দুগুৰিৰ পৰা উভতি যোৱাৰ পথত মুখ্যমন্ত্ৰীগৰাকীয়ে নভঙা অঞ্চলত উপস্থিত হৈ নভঙা হাইলেণ্ড পৰিদৰ্শন কৰে । তেওঁ হোজাইৰ বানাক্ৰান্ত 18,000 পৰিয়ালক 3,800 টকাকৈ এককালীন সাহাৰ্য দিয়াৰ বাবে সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে ৷

হোজাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীগৰাকীয়ে 15 আগষ্টৰ ভিতৰত জিলাত বানত বিষমভাৱে ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ পুননিৰ্মাণৰ বাবে 15 আগষ্টৰ ভিতৰত 95 হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে ৷ তেওঁ লগতে হোজাইত 6 টা হাইলেণ্ড বনোৱাৰ বাবে ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে ৷ চলিত বৰ্ষৰ ভিতৰতে হাইলেণ্ড নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে হোজাইত কপিলী নদীৰ পাৰৰ 25 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু লামডিঙৰ বিধায়ক শিবু মিশ্ৰই । অঞ্চলটো পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষ আৰু দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ৷ তেওঁ লগতে অঞ্চলৰ গুৰুত্বপূৰ্ণ দিশবোৰ চালি জাৰি চোৱাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : Selection Examination of Health department: বতৰ ভাল হ’লেহে স্বাস্থ্য বিভাগৰ বাচনি পৰীক্ষা অনুষ্ঠিত হ’ব !

Last Updated : Jul 11, 2022, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.