ETV Bharat / state

হোজাই জিলাত নৱম শ্ৰেণীৰ পাঠদান আৰম্ভ

author img

By

Published : Oct 2, 2021, 10:26 AM IST

ক’ভিড পৰিস্থিতি কিছু পৰিমাণে শাম কটাৰ পাছত সম্প্ৰতি ৰাজ্যত আৰম্ভ হৈছে বিদ্যালয়সমূহৰ পাঠদান ৷ 20 ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ পাছত 1 অক্টোবৰৰ পৰা আৰম্ভ হৈছে নৱম শ্ৰেণীৰ পাঠদান ৷

class-9-teaching-begins-from-friday-at-hojai
হোজাই জিলা আৰম্ভ নৱম শ্ৰেণীৰ পাঠদান

হোজাই, 2 অক্টোবৰ : হোজাই জিলাত শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে নৱম শ্ৰেণীৰ পাঠদান ৷ পাঠদানৰ পূৰ্বে ছেনিটাইজ কৰি লোৱা হৈছিল বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ । ক'ভিডৰ বাবে বিগত প্ৰায় ছমাহ ধৰি বন্ধ হৈ আছিল বিদ্যালয়সমূহ । ক’ভিড পৰিস্থিতি কিছু পৰিমাণে শাম কটাত ৰাজ্য চৰকাৰে 6 ছেপ্টেম্বৰত নতুন ক’ভিড নিৰ্দেশনা জাৰি কৰি পুনৰ পাঠদান আৰম্ভ কৰাৰ অনুমতি দিছিল ৷

চৰকাৰে বিদ্যালয়সমূহক সম্পূৰ্ণ ক’ভিড বিধি মানি উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পাঠদান প্ৰদানৰ অনুমতি দিয়ে । এই নিৰ্দেশনাৰ পাছতেই 20 ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হয় ৷ ইয়াৰ পাছত চৰকাৰে পুনৰ নতুন ক’ভিড নিৰ্দেশনা জাৰি কৰি 1 অক্টোবৰৰ পৰা নৱম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ অনুমতি দিয়ে ৷

ৰাজ্য চৰকাৰে শেহতীয়াভাৱে জাৰি কৰা নিৰ্দেশনা অনুসৰি শুকুৰবাৰৰ পৰা সম্পূৰ্ণ ক’ভিড বিধি মানি নৱম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হয় । চৰকাৰৰ নিৰ্দেশনা অনুসৰি হোজাই জিলাৰ সকলো চৰকাৰী-বেচকাৰী খণ্ডৰ বিদ্যালয়সমূহত ক’ভিডৰ সকলো নিৰ্দেশনা মানি শুকুৰবাৰৰ পৰা পাঠদান আৰম্ভ কৰা হয় ৷

লগতে পঢ়ক : সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট লেখিকা তোষপ্ৰভা কলিতাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.