হোজাই , 8 জানুৱাৰী : হোজাইত বুধবাৰে ৰেল অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে শ্ৰমিক সন্থাই ৷ 24 ঘন্টীয়া ভাৰত বন্ধৰ মাজতে হোজাই ৰেল ষ্টেচনত প্ৰতিবাদকাৰীয়ে উজনিমুৱা জন শতাব্দী এক্সপ্ৰেছ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰৰ জন বিৰোধী নীতি, শ্ৰমিক বিৰোধী নীতিৰ 13 দফীয়া দাবী বিৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সন্থাই । প্ৰতিবাদৰ সময়তে আৰক্ষীয়ে 18 জনকৈ প্ৰতিবাদকাৰীক আটক কৰে ৷
আৰু পঢ়ক : ভাৰত বন্ধ : প্ৰতিবাদত উত্তাল সমগ্ৰ ভাৰত