ETV Bharat / state

HSLC compartmental exam: পৰীক্ষাকেন্দ্ৰৰ বিসংগতিয়ে দোধোৰ-মোধোৰত পেলালে পৰীক্ষাৰ্থীক

পৰীক্ষা দিবলৈ গৈ পৰীক্ষাকেন্দ্ৰৰ বাবেই নগুৰ-নাকতি হ’ল পৰীক্ষাৰ্থীৰ ৷ হোজাইত পৰীক্ষাকেন্দ্ৰৰ বিসংগতিয়ে দোধোৰ-মোধোৰত পেলালে পৰীক্ষাৰ্থীসকলক (Compartmental examination Centre in Hojai) ৷

author img

By

Published : Jul 25, 2022, 5:37 PM IST

HSLC compartmental exam
পৰীক্ষাকেন্দ্ৰৰ বিসংগতিয়ে দোধোৰ-মোধোৰত পেলালে হোজাইৰ পৰীক্ষাৰ্থীক

হোজাই, 25 জুলাই: ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা (HSLC compartmental exam 2022)৷ পৰীক্ষাৰ প্ৰথমটো দিনতেই হোজাইত পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ব’ৰ্ডে নিৰ্ধাৰণ কৰি দিয়া পৰীক্ষা কেন্দ্ৰৰ বিপৰীতে অন্য ঠাইত পৰীক্ষা অনুষ্ঠিত কৰাত জিলাখনৰ ভিন ভিন ঠাইৰ পৰা অহা পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় (Examinee in trouble in Hojai)।

হোজাই জিলাৰ একমাত্ৰ পৰীক্ষাকেন্দ্ৰ দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Deshbandhu Bidyapith Higher Secondary School)। কিন্তু 797 জন পৰীক্ষাৰ্থীৰ বিপৰীতে কেন্দ্ৰটো সৰু হোৱাত কৰ্তৃপক্ষই স্থান বঢ়াই ৰবীন্দ্ৰ বিদ্যালয়লতো পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্ত লয় । ফলত নিৰ্দিষ্ট সময়ত পৰীক্ষাৰ্থীসকল দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা দিবলৈ আহি অন্য স্থানত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি জনাত এক অবাঞ্চিত পৰিৱেশৰ সৃষ্টি হয় (Compartmental examination Centre in Hojai)৷

নতুনকৈ নিৰ্ধাৰণ কৰা পৰীক্ষাকেন্দ্ৰত বহু পৰীক্ষাৰ্থী সময়মতে নিৰ্দিষ্ট সময়তকৈ পলমকৈ উপস্থিত হ’বলগীয়া হয় ৷ কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰীক্ষা পৰিচালনা কমিটিৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলে ।

অৱশ্যে বিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষাকেন্দ্ৰ সম্প্ৰসাৰণৰ সন্দৰ্ভত পূৰ্বেই জাননী জাৰি কৰাৰ লগতে পৰীক্ষাৰ্থীসকলৰ বিদ্যালয়সমূহক জনোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

লগতে পঢ়ক: AASU felicitation Programme: মৰাণত আছুৰ উদ্যোগত প্ৰেৰণা প্ৰদান অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.