হোজাই,27 ফেব্ৰুৱাৰী: হোজাই থানাত এটা ৱেব প’ৰ্টেলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷ বিজেপিৰ প্ৰাক্তন জিলা সভাপতি অৰ্জুন মজুমদাৰে ৱেব প’ৰ্টেলটোৰ বিৰুদ্ধে শুকুৰবাৰে তৰিছে মানহানিৰ গোচৰ ৷
কিয়নো গুৱাহাটীস্থিত এটা ৱেব প’ৰ্টেলে বিজেপিৰ প্ৰাক্তন জিলা সভাপতি গৰাকীৰ বিৰুদ্ধে নাৰী সংক্ৰান্তীয় আপত্তিজনক বাতৰি প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ যাৰ বাবে হোজাই আৰক্ষীৰ কাষ চাপিছে বিজেপিৰ প্ৰাক্তন জিলা সভাপতি অৰ্জুন মজুমদাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়কঃ নিৰ্বাচনৰ প্ৰাকক্ষণত অসম আৰক্ষীত বৃহৎ ৰদবদল