ETV Bharat / state

বিধায়ক শিলাদিত্যৰ বাসভৱনৰ সন্মুখত সহস্ৰাধিক দলীয় কৰ্মীৰ ভিৰ - বিধায়ক শিলাদিত্যৰ বাসভৱনৰ সন্মুখত ভিৰ সহস্ৰাধিক দলীয় কৰ্মীৰ

বিধায়কগৰাকীক পুনৰ দলৰ মাজলৈ উভতি আহিবলৈ আহ্বান জনাই বিজেপি কৰ্মীসকলে ৷ সমষ্টিবাসীৰ লগতে ভাৰতীয় জনতা দলত শিলাদিত্য দেৱৰ দৰে এগৰাকী নেতাৰ অতি প্ৰয়োজন বুলিও মন্তব্য কৰে হোজাই বিজেপি কৰ্মীয়ে ৷

MLA Shiladitya
বিধায়ক শিলাদিত্যৰ বাসভৱনৰ সন্মুখত সহস্ৰাধিক দলীয় কৰ্মীৰ ভিৰ
author img

By

Published : Jul 14, 2020, 3:40 PM IST

হোজাই, 14 জুলাই : ভাৰতীয় জনতা দলৰ বিধায়ক শিলাদিত্য দেৱে দলৰ পৰা পদত্যাগৰ ঘোষণা কৰাৰ পাছতে মঙলবাৰে বিধায়কগৰাকীৰ ঘৰৰ সন্মুখত ভিৰ কৰে একাংশ বিজেপি কৰ্মীয়ে ৷ বিধায়কগৰাকীক পুনৰ দলৰ মাজলৈ উভতি আহিবলৈ আহ্বান জনাই বিজেপি কৰ্মীসকলে ৷ সমষ্টিবাসীৰ লগতে ভাৰতীয় জনতা দলত শিলাদিত্য দেৱৰ দৰে এগৰাকী নেতাৰ অতি প্ৰয়োজন বুলিও মন্তব্য কৰে হোজাই বিজেপি কৰ্মীয়ে ৷

হোজাই

লগতে পঢ়কঃ কৰ্তব্যৰ তাগিদাঃ এবুকু পানীত নাও বোৱা কোন এই দীপিকা মিলি ?

উল্লেখ্য যে, 12 জুলাইত এখন সংবাদ মেল সম্বোধন কৰি দলীয় একাংশ নেতাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছিল হোজাই সমষ্টিৰ বিধায়ক তথা জেষ্ঠ বিজেপি নেতা শিলাদিত্য দেৱ ৷ সংবাদমেলখনৰ জৰিয়তে,কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল বিধায়কগৰাকীয়ে ৷ তেওঁ নিজেই দলত মূল্যহীন হৈ পৰাৰ কথা প্ৰকাশ কৰাৰ লগতে ৷ অসম বিজেপিত নতুন নেতাৰ দপদপনি চলাৰ গুৰুতৰ অভিযোগ তুলিছিল বিধায়ক শিলাদিত্য দেৱে ৷

ইফালে বিধায়কগৰাকীৰ পদত্যাগৰ ঘোষণাৰ পাছতে ৰাজ্যৰ দলীয় মহলত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.