হোজাই,18 মে’: কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে লংকাৰ বিজেপি কৰ্মীসকলে চেনিটাইজেচন কাৰ্যসূচী হাতত লয় ৷ লংকা চহৰত সোমবাৰৰ পৰা আৰম্ভ কৰা হয় এই চেনিটাইজেচন কাৰ্যসূচী । সোমবাৰে লংকাৰ ৮ নং বাৰ্ডৰ প্ৰতিটো পথৰ লগতে প্ৰতিগৰাকী লোকৰ ঘৰৰ চৌহদ চেনিটাইজ কৰে বিজেপি কৰ্মীসকলে । ইয়াৰ লগতে বিজেপি কৰ্মীসকলে স্থানীয় ৰাইজক চৰকাৰী নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : নতুন এছ অ পি জাৰি কৰাৰ পিছতেই সষ্টম নগাঁও আৰক্ষী