ETV Bharat / state

অখিল গগৈৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন, সপোন হৈয়ে ৰৱ:শিবু মিশ্ৰ

author img

By

Published : Mar 22, 2021, 7:06 AM IST

দেওবাৰে কাকীত বিজেপিৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় ৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাই অংশগ্ৰহণ কৰা হোজাই জিলাৰ লামডিং সমষ্টিৰ বিজেপিৰ এক নিৰ্বাচনী সভাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।

লামডিং সমষ্টিত বিজেপিৰ নিৰ্বাচনী সভা
লামডিং সমষ্টিত বিজেপিৰ নিৰ্বাচনী সভা

হোজাই, 22মাৰ্চ: দেওবাৰে কাকীত বিজেপিৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় ৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাই অংশগ্ৰহণ কৰা হোজাই জিলাৰ লামডিং সমষ্টিৰ বিজেপিৰ এক নিৰ্বাচনী সভাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে । সমষ্টিটোৰ 1 নং কাকী নাট্যচ'ৰাত অনুষ্ঠিত এই নিৰ্বাচনী সভাত বিধায়ক তথা বিজেপি প্ৰাৰ্থী শিবু মিশ্ৰৰ উপস্থিতিত কংগ্ৰেছ কৰ্মীসকলে দলটোৰ প্ৰতি মোহভংগ হৈ বিজেপিত যোগদান কৰে ।

অখিল গগৈ জেলৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰ সপোন, সপোন হৈয়ে ৰৱ:শিবু মিশ্ৰ

উল্লেখ্য যে, লামডিং যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পংকজ বৰাকে ধৰি বিজেপিত যোগদান কৰা কংগ্ৰেছ কৰ্মীসকলে দলটোৰ আনুগত্য স্বীকাৰ কৰি দলটোৰ প্ৰতি আকৃষ্ট হয় বুলি মন্তব্য প্ৰকাশ কৰে । লামডিঙৰ বামুণগাঁও মণ্ডলৰ সভাপতি উৎপল দাসৰ সভাপতিত্বত অনুষ্ঠিত এই নিৰ্বাচনী সভাখনিত কেইবা সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে ।

এই নিৰ্বাচনী প্ৰচাৰ সভাখনিত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা উপস্থিত হৈ দলীয় কৰ্মীসকলৰ সৈতে এক গোপন বৈঠকত মিলিত হয় । বিশেষকৈ সমষ্টিটোত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ ওপৰত আলোচনা কৰে সাংগঠনিক সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক: ৰাজ্যত ক’ভিড-19 দ্বিতীয় ৱেভৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.