বটদ্ৰৱা, 4 মে' : লক্ ডাউনৰ বাবে খাদ্য সংকটত ভুগা লোক সকলক সহায় আগবঢ়াইছে বহুতো হৃদয়বান লোকে ৷
কৰ্মসূত্ৰে লাউচত থকা J. F. FOUNDATION ৰ স্বত্বাধিকাৰী হবিব মহম্মদ চৌধুৰী আৰু ভাতৃ ছাদিক মহম্মদ চৌধুৰীয়ে দেওবাৰে বটদ্ৰৱা সমষ্টিৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ লক্ ডাউনৰ আৰম্ভণিৰ পৰা J.F. FOUNDATION নামৰ সামাজিক সংগঠনটোৱে বৰ্তমানলৈ প্ৰায় বিশ হাজাৰ লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিছে ৷
দেওবাৰে সংস্থাটোৱে বিতৰণ কৰা এই কাৰ্যসূচীত উপস্থিত থাকে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আংগুৰলতা ডেকা ৷
উল্লেখযোগ্য যে, হবিব মহম্মদ চৌধুৰী আৰু ভাতৃ ছাদিক মহম্মদ চৌধুৰী কৰ্মসূত্ৰে লাউচত বসবাস কৰে ৷
লগতে পঢ়ক : তেজপুৰত আদৰণি এম্বুলেঞ্চত উদ্ধাৰ গাঞ্জা