হোজাই, 8 এপ্ৰিল : হোজাই জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ উদ্যোগত বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা । আগন্তুক বাৰিষা কালত হ’ব পৰা সম্ভাব্য বানপানীৰ ক্ষয়-ক্ষতি প্ৰতিৰোধৰ বাবে আগতীয়া কি ধৰণৰ ব্যৱস্থা লব পৰা যায় তাৰ ওপৰত আলোচনা হয় সভাখনত ৷ উক্ত সভাত উপস্থিত থাকে জিলা উপায়ুক্ত ডাঃ সদনেক সিং, ৰাজহ চক্ৰ বিষয়াৰ লগতে বহু কেইটা বিভাগৰ বিষয়া কৰ্মচাৰী ৷ বানপানীৰ সময়ত যাতে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে চক্ৰ বিষয়া আৰু বিভাগ সমুহৰ বিষয়া সকলক আগতীয়াকৈ সতর্কতামূলক ব্যৱস্থা গ্ৰহণৰ লগতে সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷
সভাত জিলাখনৰ তিনিটা ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া সকলে পাৱাৰ পইন্ট প্ৰজেক্সনৰ জৰিয়তে সম্ভাব্য বানপানীৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ ওপৰত এক সাম্যক ধাৰণা দাঙি ধৰে । উক্ত সভাত জিলা দুৰ্যোগ ব্যবস্থাপনা কর্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰী শংকৰ দাস, দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ জিলা প্ৰকল্প বিষয়া হিমপর্ণা কলিতাও উপস্থিত থাকে ৷ এই বিষয়ে বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে হোজাই জনসংযোগ বিভাগে জানিবলৈ দিয়ে ।
লগতে পঢ়ক : নন্দিতা কোঁৱৰক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড