ETV Bharat / state

Assamese traditional instruments: লংকাত লোকবাদ্যৰ সম্ভাৰ গঢ়ি তুলিছে অনিল তালুকদাৰে

author img

By

Published : Apr 9, 2023, 5:49 PM IST

হেঁপাহৰ ৰঙালী বিহু ওচৰ চাপি অহাৰ লগে লগে ৰাজ্যবাসীৰ গাত তত নাইকিয়া হৈছে (Rongali Bihu 2023)৷ চৌদিশে ঢোলৰ গুমগুমনি । বিহুটি বুলি লোকবাদ্য শিল্পী অনিল তালুকদাৰৰো ব্য়স্ততাৰ শেষ নোহোৱা হৈছে ।

Preparation of Bohag Bihu
ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি
ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি

হোজাই, ৯ এপ্রিল: পদুলি মুখত চেনেহৰ ৰঙালী বিহু । এতিয়া চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি (Preparation of Bohag Bihu)। ৰাজ্য়খনৰ ক’ৰবাত যদি চলিছে বিহুনাচৰ আখৰাৰ লগতে ঢোল বাদনৰ কৰ্মশালা, আন ঠাইত আকৰ্ষণীয় তোৰণ নিৰ্মাণৰ প্ৰস্তুতি ৷ প্ৰকৃতিয়েও নিজৰ বৰণ সলোৱাত গছৰ ডালত ন-কুঁহিপাতে মেলিছে পোখা ৷ এই পোখাই ব’হাগৰ অহাৰ বতৰা দিছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে হোজাইতো একেই পৰিৱেশৰ সূচনা হৈছে । বাপতি সাহোন বিহুটিৰ সৈতে সংপৃক্ত হৈ থকা বিভিন্ন লোকবাদ্য নিৰ্মাণত ব্যস্ত হৈ পৰিছে হোজাইৰ অনিল তালুকদাৰ নামৰ লোকবাদ্য শিল্পীগৰাকী ৷

অসমৰ বিভিন্ন জনগোষ্ঠীয় বাদ্য যন্ত্ৰৰ নিৰ্মাণেৰে লাভবান হ'বলৈ সক্ষম হৈছে হোজাইৰ বাদ্যযন্ত্র প্ৰস্তুত কৰা শিল্পীসকল (Assamese traditional instruments made in Hojai)। ৰঙালী বিহুৰ প্ৰাকক্ষণত ব্যস্ততা বাহিছে বাদ্যযন্ত্র প্ৰস্তুত কৰা হোজাইৰ শিল্পী সকলৰ । লংকাৰ মাজমজিয়াত থকা কামাখ্যা বাদ্যযন্ত্র বিপনীখনতো অসমৰ বিভিন্ন জনগোষ্ঠীয় বাদ্য যন্ত্ৰৰ নিৰ্মাণৰ লগতে ঢোল বনোৱাত ব্যস্ত শিল্পী অনিল তালুকদাৰ । বিহুলৈ যেন ব্যস্ততাৰ অন্ত নাই শিল্পীগৰাকীৰ । কাৰণ বিগত বছৰ সমূহৰ দৰে এইবাৰো হোজাই জিলাৰ লংকাৰ এই বাদ্যযন্ত্র বিপনীখনৰ পৰা উজনী অসমৰ বিভিন্ন ঠাইলৈ বিহুৰ বাবে ৰপ্তানি হৈছে ঢোল । সেয়েহে দিনে-নিশাই একাকাৰ কৰি ঢোল বনোৱাত ব্যস্ত শিল্পীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকল ।

যোৱা দুবছৰে ক'ৰণা মহামাৰীৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰি বিহুত কিছু নিৰ্দেশা অনুসৰি অনুষ্ঠিত কৰিবলগীয়া হৈছিল (Drum making for Rongali Bihu in Hojai)। তাৰ বাবে বহু লোকচানৰ সম্মূখীন হ'ব লগা হৈছিল শিল্পীগৰাকী । এইবাৰ ৰাজ্যতখনত আড়ম্বপূৰ্ণভাৱে অনুষ্ঠিত হ'ব ৰঙালী বিহু । সেয়েহে বিহুৰ আগে আগে বিভিন্ন জনগোষ্ঠীয় বাদ্য-যন্ত্ৰৰ লগতে ঢোল বনাই আশা অনুসাৰে ব্যৱসায় কৰিবলৈ সক্ষম হৈছে লংকাৰ বাদ্যযন্ত্র বনোৱা শিল্পী সকল । দীৰ্ঘ দিন ধৰি লোকবাদ্যৰ লগত জড়িত অনিল তালুকদাৰে গঢ়ি তুলিছে লোকবাদ্যৰ এক সম্ভাৰ । ঢোল, পেঁপা, গগণা আদি প্ৰতিবিধ লোকবাদ্যই নিজে তৈয়াৰ কৰে লোকবাদ্য শিল্পীগৰাকীয়ে । প্ৰত্যেক বছৰে বিহুৰ পূৰ্বে তেওঁৰ এই প্ৰতিষ্ঠানত ভিৰ হয় শ শ গ্ৰাহকৰ ।

লগতে পঢ়ক: Bihu Guinness book of world records : ধেমাজি আৰু চৰাইদেউত বিহুৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ দুই মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.