হোজাই,১ এপ্ৰিল : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি অন্তিম দিন (Assam HSLC exam)। শনিবাৰে ভয়ে ভয়ে শিক্ষাৰ্থীসকল আহিছে পৰীক্ষাকেন্দ্ৰলৈ । এতিয়াও শিক্ষাৰ্থীসকলৰ মনত প্ৰশ্নকাকত ফাদিলৰ দুশ্চিন্তা আছে (HSLC question paper leaked)। অৱশ্যে সুচাৰুৰূপে অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা অন্তিম দিনৰ পৰীক্ষা ।
উল্লেখ্য যে যোৱা ১৮ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল অসমীয়া বিষয়ৰ পৰীক্ষা । কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পিছুৱাই দিয়া হৈছিল পৰীক্ষা (HSLC Assamese question paper leaked)। শনিবাৰ অৰ্থাৎ আজি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অসমীয়া তথা আন মাতৃভাষা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈছে । প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত মানসিক চাপৰ বশবৰ্তী হৈ অৱশেষত পৰীক্ষাত বহিল ছাত্ৰ-ছাত্ৰীসকল ।
ইয়াৰ মাজতে অসম চৰকাৰলৈ অভিভাৱকৰ অনুৰোধ যাতে অনাগত দিনত পৰীক্ষাসমূহ সুচাৰুৰূপে অনুষ্ঠিত হোৱাত চৰকাৰে গুৰুত্ব দিয়ে । অন্যথা এনে পৰিৱেশত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলো বহু হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয় হয় । ৰাজ্যৰ বাকী অঞ্চলৰ দৰে হোজাই জিলাৰো প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । লংকাৰ নেতাজী বিদ্যা নিকেতন হাই চেকেণ্ডৰী স্কুলতো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছে অসমীয়া তথা মাতৃভাষা বিষয়ৰ পৰীক্ষা ।
উল্লেখ্য যে অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা) বাতিল হোৱা অসমীয়া বিষয়ৰ পৰীক্ষা ১ এপ্ৰিলত অনুষ্ঠিত কৰাৰ ঘোষণা কৰিছিল । প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাতৃভাষা বিষয়ৰ সকলো পৰীক্ষা বাতিল কৰা হৈছিল । ১৮ মাৰ্চত এই বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে এক জাননীযোগে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে সদৰী কৰিছিল যে ১ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব ।
ইফালে প্ৰশ্নকাকত ফাদিল গোচৰক লৈ আৰক্ষী তথা চিআইডিয়ে তদন্ত অব্যাহত ৰাখিছে (CID investigation on HSLC paper leak case)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই ঘটনাত জড়িত থকা শিক্ষক আৰু শিক্ষাৰ্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে ।
লগতে পঢ়ক :HSLC exam finished: অন্ত পৰিল হাইস্কুল শিক্ষান্ত পৰীক্ষা