ETV Bharat / state

Assam Assembly Estimates Committee: হোজাই জিলা ভ্ৰমন বিধানসভাৰ এষ্টিমেট সমিতিৰ - বিধায়ক প্ৰশান্ত ফুকন

তিনিদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে হোজাইত উপস্থিত হয় অসম বিধানসভাৰ এষ্টিমেট সমিতি ৷ হোজাইত উপস্থিত হৈ অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ অধীনত নিৰ্মাণৰত প্ৰকল্পসমূহ পৰিদৰ্শন কৰে সমিতিয়ে(Assam Assembly Estimates Committee visits Government Scheme) ৷ জিলাখনৰ বিভিন্ন আঁচনিসমূহৰ ওপৰত এখন প্ৰতিবেদন প্ৰস্তুত কৰি বিধানসভাত দাখিল কৰিব এই সমিতিয়ে ৷

Assam Assembly Estimates Committee
হোজাই জিলা ভ্ৰমন বিধানসভাৰ এষ্টিমেট সমিতিৰ
author img

By

Published : Aug 10, 2022, 12:24 PM IST

হোজাই, 10 আগষ্ট: ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত মঙলবাৰে বিধানসভাৰ এষ্টিমেট সমিতিৰ এটা দলে হোজাই জিলাত উপস্থিত হৈ জিলাখনৰ তিনিটা সমষ্টিৰ বিভিন্ন বিভাগৰ বিভিন্ন আঁচনিসমূহ পৰিদৰ্শন কৰে(Assam Assembly Estimates Committee visit Hojai district) । বিধানসভাৰ প্ৰতিনিধিৰ দলটোৱে প্ৰথমে যমুনামুখ সমষ্টিত উপস্থিত হৈ চৰকাৰী আঁচনিসমূহ পৰিদৰ্শন কৰে ৷ যমুনামুখৰ পৰা আহি তেওঁলোক উপস্থিত হয় লামডিং সমষ্টিৰ ১নং কাকী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ।

হোজাই জিলা ভ্ৰমন বিধানসভাৰ এষ্টিমেট সমিতিৰ

লামডিং সমষ্টিৰ কাকীৰ বিভিন্ন আঁচনিসমূহ কাৰ্যকৰী হৈছেনে নাই পৰ্যবেক্ষণ কৰে দলটোৱে(Assam Assembly Estimates Committee visits Government Scheme) । লোকনিৰ্মাণ বিভাগৰ বাট-পথ, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ এম জি এনৰেগা, চৰ্তুদশ বিত্ত আয়োগ, পঞ্চদশ বিত্ত আয়োগ, ভূমি সংৰক্ষণ, জলসিঞ্চন বিভাগৰ আঁচনি আদি কৰি বিভিন্ন বিভাগৰ আঁচনিসমূহ পৰিদৰ্শন কৰে উক্ত দলটোৱে ।

পৰিদৰ্শনকালত কাকীত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কয় যে, প্ৰায়সংখ্যক আঁচনি সঠিক ৰূপায়ন হৈছে যদিও য’ত সঠিকভাৱে হোৱা নাই সেয়া আমি লিখি আনিছো । তেওঁ লগতে কয় যে, জিলাখনৰ বিভিন্ন আঁচনিসমূহ পৰিদৰ্শনৰ পাছত হোজাইৰ সদৰ শংকদেৱ নগৰত সন্ধিয়ালৈ এখন সভা আহ্বান কৰা হয় ৷

হোজাই জিলাৰ আঁচনিসমূহৰ ওপৰত এখন প্ৰতিবেদনো দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে বিধায়ক আমিনুল ইছলামে । আনহাতে বিধায়ক প্ৰশান্ত ফুকনেও সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত কয় যে, জিলাখনৰ সকলো আঁচনি সঠিকভাৱে ৰূপায়ন কৰা হৈছে যদিও সৰু-সুৰা বিসংগতি আছে । সেয়া বিভাগীয় কৰ্তৃপক্ষক ঠিক কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে । বিধানসভাৰ এই সমিতিৰ লগত উপস্থিত থাকে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীসহ(Hojai DC Anupam Choudhury) জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল ।

লগতে পঢ়ক : Azadi ka Amrit Mahotsav: স্বাধীনতাৰ সুগন্ধিৰে নজহা-নপমা মহীয়সী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.