হোজাই,4 ডিচেম্বৰঃ ৰাজ্যত আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনিৰ" শুভাৰম্ভ কৰাৰ পাছতেই অন্য প্ৰান্তৰ দৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো মহিলা হিতাধিকাৰীৰ মাজত "অৰুণোদয় আঁচনিৰ" কাৰ্ড বিতৰণ কৰা পৰিলক্ষিত হৈছে । পশ্চিম কাৰ্বি আংলঙত ডংকামোকামৰ পাছতেই কাৰ্বি পৰিষদৰ হামৰেণ সমষ্টিৰ জেংখাত উল্লেখিত সমষ্টিটোৰ ১,৫৯৫ গৰাকী হিতাধিকাৰীৰ মাজত এইবাৰ "অৰুণোদয় আঁচনিৰ" কাৰ্ড বিতৰণ কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে ।

উল্লেখযোগ্য যে, শুকুৰবাৰে আয়োজিত অৰুণোদয় কাৰ্ড বিতৰণি সভাত উপস্থিত থকা কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে "অভিলাষী আঁচনি ৰূপায়নেৰে বিজেপি চৰকাৰে সৰ্বাংগীন উন্নয়ন, বিকাশ আৰু প্ৰগতি আনিছে" বুলি মন্তব্য কৰে । এই আঁচনিৰ জৰিয়তে বিশেষকৈ কাৰ্বি আংলঙৰ অতিকৈ দুৰ্গম আৰু পিছপৰা অঞ্চলৰ পৰিয়ালবৰ্গই তথা হিতাধিকাৰীয়ে প্ৰত্যেক মাহত ৮৩০ টকাকৈ লাভ কৰি কিছু পৰিমাণে হলেও আৰ্থিক সকাহ পাব বুলি উল্লেখ কৰে ।

বিজেপি চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰত্যেকটো দুখীয়া-নিচলা পৰিয়ালৰ সমস্যা দূৰ কৰাৰ সংকল্পৰে বিনামূলীয়া চাউল প্ৰদান, প্ৰধানমন্ত্ৰী আবাসগৃহ, শৌচালয়, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ যোগানৰ ব্যৱস্থাৰে ৰাইজৰ সমস্যা দূৰ কৰি আহিছে বুলি মত প্ৰকাশ কৰে । এক কথাত কবলৈ গলে বিজেপি চৰকাৰে সমদৃষ্টি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙত সামগ্ৰিক আৰু সৰ্বাংগীন উন্নয়ন-বিকাশ সাধন কৰিছে বুলি দাবী কৰে তিমুঙে ।
সভাত কাৰ্বি স্বায়ত্বশাষিত পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং উপস্থিত থকাৰ বিপৰীতে হামৰেণ মণ্ডল কিষাণ মৰ্চাৰ সভাপতি আৰচঙ ৰংহাং, সম্পাদক, অন্যান্য বিষয়ববীয়াসকল, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হামৰেণ বিজেপি মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কাৱন ইংতিপি, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ', গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেন তিচ্ছকে ধৰি ভালে সংখ্যক বিজেপি কৰ্মকৰ্তা উপস্থিত থাকে।
লগতে পঢ়কঃ ৰঙিয়াত বাঁহৰ খুটাৰে বিদ্যুৎ বিভাগে যোগান ধৰিছে বিদ্যুৎ