হোজাই,18 নৱেম্বৰ: হোজাই জিলাৰ তিনিওটা সমষ্টিত মহাযোঁট বন্ধনৰ দ্বাৰা প্ৰক্ষেপ কৰা প্ৰাৰ্থীয়ে আগন্তুক নিৰ্বাচনত জয় লাভ কৰিব ৷ লামডিং সমষ্টিৰ এখন সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ কেতবোৰ মন্তব্য ৷
শিলাদিত্য প্ৰসংগত কয় যে, তেওঁৰ কোনো এজেণ্ডা নাই,অসমৰ এজন দায়িত্বশীল নাগৰিকো নহয় ৷ তেওঁ কেৱল হিন্দু-মুছলমানৰ মাজত সংঘাট সৃষ্টি কৰি ভোট মেৰুকৰণ কৰি পুনৰ বিধায়ক হ'ব পাৰিব ৷ কিন্তু মুছলমান সকলৰ কথাটো বাদেই হিন্দু সকলেও ভাল নাপাই শিলাদিত্যক ৷
ৱাজেদ আলী চৌধুৰীয়ে কংগ্ৰেছক উজনি অসমৰ ভোট নালাগে বুলি কোৱা মন্তব্য প্ৰসংগত আমিনুল ইছলামে কয় যে,যদি তেওঁ তেনেদৰে কৈছে তেন্তে তেওঁক বিজেপিয়ে ব্যৱহাৰ কৰিছে ৷ আমাক উজনি,নামনি,বৰাক সকলোৰে ভোট লাগিব ৷ উজনি অসমৰ ভোট নোহোৱাকৈ,নামনিৰ ভোটেৰে এখন চৰকাৰ গঠন কৰিব নোৱাৰি ৷ কংগ্ৰেছৰ হাইকামাণ্ডক আমি জনাম আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাম ৷
হিমন্ত বিশ্ব শৰ্মা আৰু পাকিস্তান জিন্দাবাদ প্ৰসংগত,বিজেপিৰ আগতে চকু বেয়া হ'ল দাৰি-টুপি দেখিলেই বাংলাদেশী দেখে, তাৰ পিছত এতিয়া বিজেপিৰ কাণ বেয়া হ'ল,আজিজ খান বুলি ক'লে পাকিস্তান বুলি শুনে,অহা নিৰ্বাচনৰ পিছত তেওঁলোকৰ মাঠাও বেয়া হ'ব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়ক: মাজুলীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা জনজাতীয় ছাত্ৰ সন্মিলন