হোজাই,20 আগষ্ট: দেশত এতিয়াও মহামাৰী ক’ৰণাৰ প্ৰকোপ হ্ৰাস পোৱা নাই ৷ এতিয়াও প্ৰতিদিনে কম বেছি পৰিমাণে দেশৰ লগতে অসমতো ক’ৰণা আক্ৰান্ত হৈ আছে ভিন্নজন ৷ বিগত 2020 বৰ্ষত ক’ৰণা মহামাৰী সময়ত দেশত চিকিৎসালয়ৰ অভাৱ পৰিলক্ষিত হৈছিলে ৰোগীৰ চিকিৎসা কৰাৰ বাবে ৷ একেদৰে চিকিৎসালয়ৰ লগতে ৰোগী অনা নিয়াৰ বাবে এম্বুলেঞ্চৰ নাটনি হোৱা দেখা গৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷
তাৰ মাজেত হোজাই জিলাৰ ডবকা চিকিৎসালয়লৈ সাংসদ পুঁজিৰ পৰা এখন এম্বুলেঞ্চ প্ৰদান কৰিছে ৷ হয় শুকুৰবাৰে নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংসদীয় পুঁজিৰ দ্বাৰা হোজাই জিলাৰ 30 খন বিচনাযুক্ত গ্ৰাম্য ডবকা চিকিৎসালয়লৈ এম্বুলেঞ্চখন আগবঢ়াই ৷ সাংসদ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি সংসদীয় এলেকা উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত এই এম্বুলেঞ্চখন প্ৰদান কৰিছে ৷
লগতে পঢ়কঃ স্বাস্থ্যৰ অৱনতি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ
শুকুৰবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ ডবকা চিকিৎসালয়ত উপস্থিত হৈ এম্বুলেঞ্চখন ৰোগীৰ বাবে মুকলি কৰে ৷ সাংসদ গৰাকীক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰোতে সংগ দিয়ে যমুনামুখৰ কংগ্ৰেছ নেতা ৰেহান উদ্দিন, বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল হান্নান, ডবকা চিকিৎসালয়ৰ চিকিৎসক ইছহাক আলী আৰু ভালে সংখ্যক স্থানীয় ৰাইজ উপস্থিতি থাকে ৷
উল্লেখযোগ্য যে, বিগত কিছুদিন পূৰ্ৱে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়েও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ সাংসদ পুঁজিৰ দ্বাৰা এখন এম্বুলেঞ্চ প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয়া চিকিৎসাৰ বহু সামগ্ৰী আগবঢ়াই ৷
লগতে পঢ়কঃ তালিবানৰ আফগানিস্তান দখলে পাকিস্তানক বেছি লাভাৱান্বিত কৰিব