হোজাই, 30 এপ্ৰিল: বৃহস্পতিবাৰে হোজাইত আজমলৰ বাসগৃহত আয়োজন কৰা হয় মহাজোঁটৰ ইফতাৰ কাৰ্যসূচী ৷ ইফতাৰ কাৰ্যসূচীত মৌলানা বদৰুদ্দিন আজমল বাসগৃহত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন, ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভুঞা ৷
ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভুঞাই মন্তব্য কৰা অনুসৰি বৃহস্পতিবাৰে মৌলানা বদৰুদ্দিন আজমলৰ হোজাইস্থিত বাসগৃহত ইফতাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ মহাজোঁটৰ নেতৃবৃন্দক নিমন্ত্ৰণ জনাই ৷
মহাজোঁটৰ এই ইফতাৰ কাৰ্যসূচীত ৰাজনৈতিক কাৰ্যসূচীত একেলগে ইফতাৰ কৰাৰ বাহিৰে আন কোনোধৰণৰ ৰাজনৈতিক আলোচনা কৰা হোৱা নাছিল বুলি মন্তব্য কৰে সাংসদ অজিৎ কুমাৰ ভূঞায়ে ।
লগতে পঢ়ক: ভোট গণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন