ETV Bharat / state

Ajmal IAS Academy : হোজাইত মুকলি হ’ব আজমল IAS একাডেমি - বদৰুদ্দিন আজমল আইন মহাবিদ্যালয়

হোজাইত আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত অচিৰে মুকলি কৰা হ’ব আজমল IAS একাডেমি (Ajmal IAS Academy) ৷ নিবনুৱা সমস্যা সমাধানৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ আজমল ফাউণ্ডেশ্যনৰ ৷

নিৱনুৱা সমস্যা সমাধানৰ বাবে হোজাইত মুকলি হ’ব আজমল আইএচ একাডেমি

author img

By

Published : Mar 16, 2022, 11:47 AM IST

হোজাই, 16 মাৰ্চ : নিবনুৱা সমস্যা সমাধানৰ বাবে আজমল ফাউণ্ডেশ্যনৰ এক বিশেষ পদক্ষেপ ৷ হোজাইত আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত মুকলি কৰা হ’ব আজমল আইএএছ একাডেমি (Ajmal IAS Academy to be opened in Hojai)। দিল্লীৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক আনি ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ’ব এই কেন্দ্ৰত আইএএছ পৰীক্ষাৰ প্ৰশিক্ষণ ।

জানিব পৰা মতে, ৰাজ্যখনৰ বিভিন্ন ঠাইত 20 মাৰ্চত অনুষ্ঠিত হ’ব এই কেন্দ্ৰৰ বাবে শিক্ষাৰ্থী নিৰ্বাচনী প্ৰক্ৰিয়া । মঙলবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে, আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ তেওঁ কয় যে, ইচ্ছুক শিক্ষার্থীসকলে আজমল ফাউণ্ডেশ্যনৰ ৱেবচাইটৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব ৷

হোজাইত মুকলি হ’ব আজমল আইএএছ একাডেমি

আজমল ফাউণ্ডেশ্যন কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, IAS পৰীক্ষাৰ বাবে আজমল ফাউণ্ডেশ্যনে মুঠ 20 গৰাকী পৰীক্ষাৰ্থীক বাচনি কৰিব ৷ লগতে অন্যান্য শিতানৰ বাবে বাচনি কৰিব আন 30 গৰাকী শিক্ষাৰ্থী ৷

আনহাতে, চৰকাৰে ১ লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰসংগত আজমলে কয় যে, ‘‘আমি NGO হৈ যে ইমান কৰি আছো, চৰকাৰে আৰু কৰিব লাগে’’ । মঙলবাৰে আয়োজন কৰা এই সংবাদমেলৰ অন্তত কেইবাগৰাকীও মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বদৰুদ্দিন আজমল আইন মহাবিদ্যালয়ৰ পৰীক্ষাত ৩২ গৰাকী শিক্ষাৰ্থী অৱৰ্তীণ হৈছিল ৷ ইয়াৰে ৩০ জনে সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ।

লগতে পঢ়ক : ৮ অভিযুক্ত কংগ্ৰেছ কৰ্মীৰ জামিন মঞ্জুৰ ত্ৰিপুৰা আদালতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.