হোজাই, 5 জানুৱাৰীঃ " শীতৰ বিৰুদ্ধে সংগ্ৰাম" নামৰ এক আঁচনিৰ জৰিয়তে উত্তৰ পূৱৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনে বিতৰণ কৰিব ৮০ হাজাৰ উন্নতমানৰ কম্বল ৷ প্ৰচণ্ড শীতত দূৰ্বিসহ জীৱন-যাপন কৰা বস্ত্ৰহীন লোকসকললৈ স্বেচ্ছাসেৱী সংস্থাটোৱে কঢ়িয়াই আনিছে এই সুখবৰ ৷ মৌলানা বদৰুদ্দিন আজমলৰ পৃষ্ঠপোষকতাত গঠিত আজমল ফাউণ্ডেচনে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিতৰণ কৰিব কম্বলসমুহ ৷
হোজাইৰ বৰপুখুৰীৰ ৩০০ পৰিয়ালৰ লগতে হৰিজন কলনিৰ প্ৰতিটো পৰিয়ালৰ মাজত বিতৰণ কৰা হয় কম্বলসমূহ ৷ হোজাইৰ অতিৰিক্ত উপায়ুক্ত পংকজ ডেকা, হোজাই ৰাজহ চক্ৰ বিষয়া মৃদুস্মিতা শইকীয়া আৰু আজমল ফাউণ্ডেচনৰ সঞ্চালক ড0 খছৰুল ইছলামৰ উপস্থিতিত বিতৰণ কৰা হয় কম্বলসমূহ ৷ দৰিদ্ৰ পৰিয়ালসমুহে এই প্ৰচণ্ড শীতৰ মাজত কম্বলসমূহ লাভ কৰি ধন্যবাদ জ্ঞাপন কৰে আজমল ফাউণ্ডেচনক ৷