ETV Bharat / state

৬০ৰ উৰ্ধৰ বৃদ্ধা মহিলাক প্ৰহাৰ বিদুৎ বিভাগৰ কৰ্মচাৰীৰ - বিদুৎ বিভাগৰ কৰ্মচাৰী

লংকাৰ মালাকাৰ বস্তিত এক অমানৱীয় ঘটনা সংঘটিত হৈছে ৷ ৬০ ৰ উৰ্ধৰ বৃদ্ধা মহিলাক প্ৰহাৰ কৰে বিদুৎ বিভাগৰ কৰ্মচাৰীৰ লগতে হোম গাৰ্ডে ৷ এই বিষয়ত লৈ শংকৰদেৱ নগৰ আৰক্ষী চকীত শনিবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷

৬০ ৰ উৰ্ধৰ বৃদ্ধা মহিলাক প্ৰহাৰ বিদুৎ বিভাগৰ কৰ্মচাৰীৰ

author img

By

Published : May 22, 2021, 10:12 PM IST

হোজাই, 22 মে' : লংকাৰ মালাকাৰ বস্তিত এক অমানৱীয় ঘটনা সংঘটিত হৈছে ৷ ৬০ ৰ উৰ্ধৰ বৃদ্ধা মহিলাক প্ৰহাৰ কৰে বিদুৎ বিভাগৰ কৰ্মচাৰীৰ লগতে হোম গাৰ্ডে ৷ স্থানীয় লোকে সদৰি কৰা মতে হোজাই জিলাৰ লংকাৰ মালাকাৰ বস্তিৰ শুকৃতি মালাকাৰ নামৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধাৰ এটা গৰু দুদিন ধৰি নোহোৱা হৈছিল । দুদিনৰ পিছত মহিলা গৰাকীয়ে হেৰুওৱা গৰুৰ সন্ধান পালে শংকৰদেৱ নগৰ ASEB কাৰ্য্যালয়ত । গৰুটো ASEB কাৰ্য্যালয়ত বান্ধি থোৱা অৱস্থাত দেখি মহিলা গৰাকীয়ে গৰুটোক খুলি দিবলৈ অনুৰোধ কৰা টোৱেই জগৰ হ’ল মহিলা গৰাকীৰ ৷

৬০ ৰ উৰ্ধৰ বৃদ্ধা মহিলাক প্ৰহাৰ বিদুৎ বিভাগৰ কৰ্মচাৰীৰ

কাৰ্য্যালয়টোত কৰ্তব্যৰত থানেশ্বৰ বৰা নামৰ ASEB ৰ এজন কৰ্মচাৰী আৰু একাংশ গৃহৰক্ষী বাহিনীৰ জোৱানে বৃদ্ধা মহিলা গৰাকীক কাৰেণ্টৰ কেবুলৰে কৰিলে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে । মহিলা গৰাকীৰ ভুল মাথো এটাই যে, বৃদ্ধা মহিলা গৰাকীৰ গৰুটোয়ে এৰাল চিগি গৈ ASEBৰ কলনীটোত প্ৰৱেশ কৰিছিল ।

জানিব পৰা মতে,ইতিমধ্যে বৃদ্ধা মহিলা গৰাকীয়ে শংকৰদেৱ নগৰ আৰক্ষী চকীত দাখিল কৰিছে এক এজাহাৰ ৷ অৱশ্যে ইয়াৰ পিছতো আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে উক্ত নিৰ্দয় ঘটনাক কেন্দ্ৰ কৰি ঘটনাৰ লগত জড়িত দোষীক আটক কৰাৰ লগতে উপযুক্ত শাস্তিৰ দাবীৰে মালাকাৰ বস্তিৰ পুৰুষ মহিলাকে ধৰি একাংশ লোকে শংকৰদেৱ নগৰ আৰক্ষী চকীত সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ ৷

এই অমানৱীয় ঘটনাৰ ভোক্তভোগী বৃদ্ধা মহিলা গৰাকীয় ন্যায় নাপালে পৰৱৰ্তী সময়ত আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিলে উত্তেজিত লোক সকলে । আনহাতে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ব নকৰাৰ বিষয়টোৰ আঁৰৰ ৰহস্য কি তাক লৈয়ো প্ৰশ্ন কৰিছে সকলোৱে ৷

লগতে পঢ়ক: ৰিতুল শইকীয়াৰ বাস গৃহত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.