ETV Bharat / state

কাকীত পুনৰ চলিল প্ৰশাসনৰ বুলড’জাৰ - হোজাইত উচ্ছেদ অভিযান

ৰাজ্যত নতুন চৰকাৰ শাসনত অধিষ্ঠিত হোৱাৰে পৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷ হোজাই জিলাৰ কাকীতো জিলা প্ৰশাসনে পুনৰ চলালে উচ্ছেদ অভিযান ৷

again eviction in hojai at kaki
কাকীত পুনৰ চলিত প্ৰশাসনৰ বলড’জাৰ
author img

By

Published : Jul 20, 2021, 8:04 PM IST

হোজাই, 20 জুলাই : পুনৰ প্ৰশাসনৰ বুলড’জাৰ চলিল কাকীত ৷ সোমবাৰে পুনৰ কাকীত চলিল উচ্ছেদ অভিযান ৷ যাক লৈ এতিয়া হাহাকাৰ অৱস্থা কাকীৰ 15 টা পৰিয়ালৰ মাজত ৷

চৰকাৰী তথ্য অনুসৰি, কাকীৰ ৰবৰ বাগানত বনাঞ্চলৰ ভূমিত অবৈধভাৱে বেদখল কৰি আছিল বহুসংখ্যক লোকে ৷ প্ৰায় ২৭০ বিঘা ভূমিত ১৫ টাকৈ পৰিয়ালে বে-আইনীভাৱে বাস কৰি আছিল আছিল দীৰ্ঘদিনৰ পৰা ৷ সেয়ে প্ৰশাসনে বিগত 5 জুনত চলাইছিল উচ্ছেদ অভিযান ৷

কিন্তু প্ৰশাসনে উচ্ছেদ কৰাৰ পাচতে পুনৰ একে স্থানত অস্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ লৈছিল উচ্ছেদিত পৰিয়ালকেইটাই ৷ ফলত প্ৰশাসনে পুনৰ সেই স্থানত সোমবাৰে চলালে উচ্ছেদ অভিযান ৷ প্ৰশাসনৰ তৰফৰ পৰা সেই স্থান খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হ’ল উচ্ছেদিত লোকসকলক ৷

কাকীত পুনৰ চলিল প্ৰশাসনৰ বুলড’জাৰ

যাৰ ফলত এতিয়া বিপাঙত পৰিছে উচ্ছেদিত লোকসকল ৷ ইফালে সন্মুখত পবিত্ৰ ঈদ ৷ ঈদৰ পূৰ্বে কাকীত হোৱা প্ৰশাসনৰ উচ্ছেদ অভিযানত ক্ষুব্ধ হৈ পৰিছে উচ্ছেদিত পৰিয়ালকেইটা ৷ খাদ্য-বস্ত্ৰ-বাসস্থানৰ বাবে এতিয়া হাহকাৰ কৰিবলগাত পৰিছে ভুক্তভোগী পৰিয়ালকেইটা ৷

উচ্ছেদিত পৰিয়াল কেইটাৰ দাবী- চৰকাৰে নুবুজে তেওঁলোকৰ দুখ ৷ কেৱল নিৰ্বাচনৰ পূৰ্বে ভোট ভিক্ষা কৰিবলৈহে আহে ৰাজনৈতিক নেতাসকল ৷ আনকি ভুক্তভোগী পৰিয়ালকেইটাৰ খবৰ ল’বলৈ অহা নাই স্থানীয় বিধায়ক ৷ যাক লৈ এতিয়া অসন্তুষ্ট উচ্ছেদিত 15 টা পৰিয়াল ৷

এতিয়া প্ৰশ্ন হৈছে উচ্ছেদিত এই পৰিয়ালবোৰ ক’লৈ যাব ? চৰকাৰে কিবা ব্যৱস্থা ল’বনে ? নে আন এডোখৰ ভূমি পুনৰ বেদখলৰ কবলত পৰিব এওঁলোকৰ আশ্ৰয়ৰ নামত ৷

লগতে পঢ়ক: হোজাই জিলাৰ কাকীত প্ৰসাশনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.