ETV Bharat / state

হোজাইত হাতীৰ আক্ৰমণত এগৰাকী লোকৰ মৃত্যু

author img

By

Published : Sep 18, 2020, 9:50 AM IST

হোজাইত বৃহস্পতিবাৰে নিশা ধাননি খেতি সুৰক্ষাৰ বাবে পহৰা দিবলৈ যোৱা এগৰাকী লোকৰ মৃত্য়ু ৷ হাতীৰ আক্ৰমণত মৃত্যুক সাৱটি লয় লোকগৰাকীয়ে ৷

এগৰাকী লোকৰ মৃত্যু
এগৰাকী লোকৰ মৃত্যু

হোজাই, 18 ছেপ্তেম্বৰ: হোজাইৰ শালবাগানত হাতী-মানুহৰ সংঘাত ৷ বৃহস্পতিবাৰে নিশা ধাননি খেতি সুৰক্ষাৰ বাবে পহৰা দিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী লোক ৷ নিহত লোক গৰাকী কুৰকুট বস্তিৰ বিনু কুৰকুট বুলি জানিব পৰা গৈছে ৷

হোজাইত হাতীৰ আক্ৰমণত এগৰাকী লোকৰ মৃত্যু

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত অব্যাহত হাতীৰ উপদ্ৰবে বিনষ্ট কৰি আহিছে ধান খেতি ৷ যাৰ বাবে নিজৰ খেতিডৰা ৰক্ষাৰ স্বাৰ্থত নিশা স্থানীয় লোকে পহৰা দিবলগীয়া হয় ৷ তেনে সময়তে সংঘটিত হোৱা ঘটনাটোৱে ৰাইজৰ মাজত সৃষ্টি কৰিছে শংকা ৷ শুকুৰবাৰে পুৱা ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ নিহত লোক গৰাকীক উদ্ধাৰ কৰে ৷

লগতে পঢ়ক: শাম কটাৰ দিশে ভাৰত-ভূটান সীমান্তৰ হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.