ETV Bharat / state

হোজাইত বিবাহস্থলীৰ পৰা পলায়ন দৰাৰ

author img

By

Published : Jun 18, 2020, 8:04 PM IST

হোজাইত বাল্য বিবাহৰ পৰা ৰক্ষা পৰিল এগৰাকী নাবালিকা ৷ জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাৰ বাবে শালবাগানত বাতিল হয় এক বাল্য বিবাহ ৷ বিবাহস্থলীৰ পৰা পলায়ন দৰাৰ ৷

A girl rescue from child marriage hojai assam etv bharat news
বাল্য বিবাহৰ পৰা ৰক্ষা নাবালিকা

হোজাই,18 জুন: হোজাইত সংঘটিত হৈছে এক অঘটন ৷ বিবাহস্থলীৰ পৰা পলায়ন কৰে এজন দৰাই ৷ ঘটনাৰ বিৱৰণী অনুসৰি,এজন যুৱকৰ বিবাহ স্থিৰ হৈছিল এগৰাকী ষোল্ল বছৰীয়া নাবালিকাৰ সৈতে ৷ সেই অনুসৰি বৃহস্পতিবাৰে যুৱকজনে বিবাহৰ উদ্দেশ্যে শালবাগানস্থিত নাবালিকাগৰাকীৰ ঘৰলৈ আহে ৷ কিন্তু এই খবৰ লাভ কৰা মাত্ৰকে বিবাহস্থলীত উপস্থিত হয় হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ এটি দল ৷ দলটোৰ তৎপৰতাত বিবাহ বাতিল হয় ৷ দলটোৱে নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ বিপৰীতে খবৰ পোৱা মাত্ৰকে পলায়ন কৰে দৰাই ৷

বাল্য বিবাহৰ পৰা ৰক্ষা নাবালিকা

আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা সম্পাদিকা প্ৰণিতা মৰাঙৰ নিৰ্দেশমৰ্মে পেনেল অধিবক্তা ৰোহিনা ৱাৰিচ,দীপক দেৱনাথ, চাইল্ড লাইনৰ মনজিৎ দাস আৰু হোজাই আৰক্ষীৰ সহকাৰী পৰিদৰ্শক গ্ৰীচ বৰা ঘটনাস্থলীত উপস্থিত হৈছিল ৷

লগতে চাওকঃ কৃতিমানৰে মত বিনিময় নলবাৰীৰ জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.