ETV Bharat / state

ডবকাত সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা যুৱকৰ মৃত্যু

author img

By

Published : Jun 12, 2021, 11:07 PM IST

ডবকা(DOBOKA)ৰ ভেলেউগুৰিত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা । সংকটজনক অৱস্থাত নলাৰ পৰা উদ্ধাৰ হয় এজন যুৱক । উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল যদিও গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাতে তেওঁৰ মৃত্যু হয় ।

a boy found in critical condition at Doboka
ডবকাত সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা যুৱকৰ মৃত্যু

হোজাই, ১২ জুন: অৱশেষত মৃত্যুৰে হাৰ মানিলে ডবকাৰ ভেলেউগুৰিত সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনে । জানিব পৰা মতে, নিশা যুৱকজনক প্ৰেমিকাই ফোন কৰি মাতি পথোৱাৰ পাচৰে পৰা যুৱকজন নিৰুদ্দেশ হৈ আছিল ।

পিছত যুৱকজনৰ পৰিয়ালৰ লোকে তেওঁক প্ৰেমিকাৰ ঘৰৰ কাষতে থকা এটা নলাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে । পৰিয়ালৰ লোকে যুৱকজনক সংকটজনক অৱস্থাত ডবকা চিকিৎসালয়লৈ নিয়ে । কিন্তু যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱা বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ।

অৱশেষত গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাতে যুৱকজনৰ মৃত্যু হয় । এই ঘটনাৰ পাচতে যুৱকজনৰ পৰিয়ালে ডবকা থানাত এক গোচৰ ৰুজু কৰে । যুৱতীগৰাকীৰ ককায়েক আজিবুৰ ৰহমান আৰু পৰিয়ালৰ আন লোকে যুৱকজনক হত্যাৰ চেষ্টা কৰিছিল বুলি অভিযোগ তুলিছে যুৱকজনৰ পৰিয়ালৰ লোকে । ঘটনা সন্দৰ্ভত ডবকা আৰক্ষী(DOBOKA POLICE)এ আজিবুৰ ৰহমানক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত ক'ভিড প্ৰট'কল ভংগ কৰি ক'ভিড ৰোগীৰ মৃতদেহ সৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.