ETV Bharat / state

মঙলবাৰে দাখিল হ'ব উদালী কাণ্ডৰ CHARGE SHEET - ADGP G P SINGH

মঙলবাৰে উদালী চিকিৎসক নিগ্ৰহৰ ঘটনাৰ 34 গৰাকী অভিযুক্তৰ বিৰুদ্ধে আদালতত দাখিল কৰা হ'ব অভিযোগ নামা(chargesheet) ৷ সাংবাদিকৰ আগত এই কথা সদৰি কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

34 accused chargesheet of Udali case
কাইলৈ দাখিল হ'ব উদালী কাণ্ডৰৰ 34 গৰাকী অভিযুক্তৰ CHARGESHEET
author img

By

Published : Jun 28, 2021, 11:02 PM IST

হোজাই, 27 জুন : আপোনাৰ মনত আছে নে উদালী চিকিৎসক নিগ্ৰহৰ ঘটনাৰ কথা ? নিশ্চয় মনত আছে ৷ মঙলবাৰে এই ঘটনাৰ 34 গৰাকী অভিযুক্তৰ বিৰুদ্ধে আদালতত দাখিল কৰা হ'ব অভিযোগ নামা(chargesheet) ৷ সাংবাদিকৰ আগত এই কথা সদৰি কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

হোজাই জিলাৰ আৰক্ষীৰ অধীক্ষকৰ কাৰ্য়ালয়ত সোমবাৰে উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ ইয়াৰ পাচতে হোজাই জিলা আৰক্ষী অধীক্ষক আৰু হোজাই জিলা সত্ৰ ন্যায়ধীশ আদালতৰ চৰকাৰী অধিবক্তা লগত উদালী কাণ্ডৰ সংক্ৰান্তত তদাৰক কৰে জি পি সিঙে ৷ হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ আত্মীয়ই কৰ্মত এজন চিকিৎসকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ৷ ইয়াৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সমগ্ৰ অসমতে ৷

উদালী ফুলতলি কাণ্ডৰ বলি হৈছিল ডাঃ সেউজ সেনাপতি নামৰ চিকিৎসকজন ৷ এই কাণ্ডৰ তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিছিল চৰকাৰৰ গৃহ বিভাগে ৷ এই কাণ্ডৰ লগত জড়িত 34 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ হৈছিল আৰু ইয়াৰে তিনি গৰাকী অভিযুক্ত আছিল নাবালক ৷ ইয়াৰ সমান্তৰালভাৱে সমগ্ৰ ঘটনাৰ তদন্তও অব্যাহত আছিল ৷

কাইলৈ দাখিল হ'ব উদালী কাণ্ডৰৰ 34 গৰাকী অভিযুক্তৰ CHARGESHEET

এই তদন্তৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ ল'বলৈ আহি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ জি পি সিঙে কয়, উদালীত চিকিৎসক আক্ৰমণৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অহা এমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ৷ অহা কালৈ এই ঘটনাৰ 34 গৰাকী অভিযুক্তৰ বিৰুদ্ধে হোজাই জিলাৰ শংকৰদেৱনগৰ আদালতত অভিযোগ নামা(chargesheet) দাখিল কৰা হ'ব বুলি জানিবলৈ দিয়ে জি পি সিঙে ৷

"34 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগ নামা(chargesheet) প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ অভিযোগ নামা(chargesheet) সকলোবোৰ দিশ আজি পৰ্যালোচনা কৰা হ'ল ৷ 29 তাৰিখে অৰ্থাৎ মঙলবাৰে এই অভিযোগ নামা(chargesheet) আদালতত দাখিল কৰা হ'ব ৷" সাংবাদিকৰ আগত এইদৰে কয় জি পি সিঙে ৷

উল্লেখ্য যে, যোৱা 26 জুন তাৰিখে হোজাই জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তদন্তকাৰী বিষয়াই ডাঃ সেউজ সেনাপতিৰ জাবানবন্দী গ্ৰহণ কৰিছিল ৷ সেই দিনটো আদালততো 164 জাবানবন্দী গ্ৰহণ কৰা কথা আছিল যদিও চিকিৎসকজনৰ কিছু শাৰীৰিক অসুস্থতাৰ বাবে আদালতত জাবানবন্দী গ্ৰহণ কৰা নহয় ৷

লগতে পঢ়ক: স্বাস্থ্যজনিত কাৰণত আদালতত উপস্থিত নহ’ল ডাঃ সেউজ সেনাপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.