ETV Bharat / state

হোজাইতো আৰম্ভ হৈছে ১৮ ৰ উৰ্ধৰ টীকাকৰণ প্ৰক্ৰিয়া - শুকুৰবাৰৰ পৰা হোজাই জিলাতো ১৮-৪৪ বছৰৰ লোকসকলক প্ৰদান টীকাকৰণ

শুকুৰবাৰৰ পৰা হোজাই জিলাতো ১৮-৪৪ বছৰৰ লোকসকলক প্ৰদান কৰা হৈছে ক'ভিড-১৯ ৰ প্ৰতিষেধক । প্ৰথম পৰ্যায়ৰ ৩০০০ প্ৰতিষেধক জিলাখনৰ ৯ টা টীকাকৰণ কেন্দ্ৰত আৰম্ভ কৰা হৈছে ।

hojai vaccination
হোজাইতো আৰম্ভ হয় ১৮ ৰ উৰ্ধৰ টীকাকৰণ প্ৰক্ৰিয়া
author img

By

Published : May 7, 2021, 9:29 PM IST

হোজাই, ৭ মে': শুকুৰবাৰৰ পৰা হোজাই জিলাতো ১৮-৪৪ বছৰৰ লোকসকলক প্ৰদান কৰা হৈছে ক'ভিড-১৯ ৰ প্ৰতিষেধক । ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত প্ৰতিষেধকৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও অসমত পলমকৈ আৰম্ভ হৈছে প্ৰতিষেধকৰ টীকাকৰণ প্ৰক্ৰিয়া ৷ ইয়াৰ মাজতে অনলাইন পঞ্জীয়ন চলি আছে ৷

হোজাইতো আৰম্ভ হৈছে ১৮ ৰ উৰ্ধৰ টীকাকৰণ প্ৰক্ৰিয়া

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাতো এই প্ৰতিষেধক প্ৰদানৰ কাৰ্য আৰম্ভ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । হোজাই জিলাৰ মহকুমা স্বাস্থ্য বিষয়া হৰজগিন্দৰ সিঙে জনায় যে প্ৰথম পৰ্যায়ৰ ৩০০০ প্ৰতিষেধক প্ৰদানৰ কাম জিলাখনৰ ৯ টা টীকাকৰণ কেন্দ্ৰত আৰম্ভ কৰা হৈছে । সেই অনুসৰি, পুৱাৰে পৰা জিলাখনৰ ৯ টা টীকাকৰণ কেন্দ্ৰত হিতাধিকাৰীৰ ভিৰ পৰিলক্ষিত হয় । ভাৰত বায়'টেকৰ দ্বাৰা প্ৰস্তুত কৰা এই প্রতিষেধক একমাত্র ১৮ বছৰৰ পৰা ৪৪ বছৰলৈহে গ্ৰহণ কৰিব পাৰিব বুলি মহকুমা স্বাস্থ্য বিষয়াগাৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: বৰপেটাতো আৰম্ভ হৈছে ১৮ ৰ উৰ্ধৰ লোকৰ টীকাকৰণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.