ETV Bharat / state

হোজাইত উদযাপন সংস্কৃত দিৱস

author img

By

Published : Aug 23, 2021, 1:35 PM IST

অসমীয়া ভাষা শ্ৰীবৃদ্ধিৰ বাবে এক বিশেষ পদক্ষেপ ৷ প্ৰায় 10 বছৰৰ সাধনাৰ অন্তত গ্ৰন্থকাৰ ৰেণুকা দেৱী শাস্ত্ৰীয়ে সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিবলৈ হৈছে শ্ৰীমদ্ভাগৱত গীতাৰ 18 টা অধ্যায় ৷ দেওবাৰে সংস্কৃত দিৱসৰ দিনাই এই গ্ৰন্থখন উন্মোচন কৰা হয় ৷

sanskrit day celebrate in hojai
অসমীয়া ভাষালৈ অনুবাদ কৰা হৈছে শ্ৰীমদ ভাগৱত গীতাৰ 18 টা অধ্যায়

হোজাই, 23 আগষ্ট: অসমীয়া ভাষা-সংস্কৃতিৰ বাবে এক সু-খবৰ ৷ অসমীয়া ভাষাত অনুবাদ কৰা হৈছে শ্ৰীমদ্ভাগৱত গীতাৰ এটা অংশ ৷ গ্ৰন্থকাৰ ৰেণুকা দেৱী শাস্ত্ৰীয়ে সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰি উলিয়াইছে শ্ৰীমদ্ভাগৱত গীতাৰ 115 পৃষ্ঠাযোৰা ১৮ টা অধ্যায় ৷

শ্ৰীমদ্ভাগৱত গীতাৰ সম্বন্ধে অতি সহজে সাধাৰণৰ পাঠকৰ বোধগম্য হোৱাকৈ ৰেণুকা দেৱী শাস্ত্ৰীয়ে অসমীয়া ভাষাত লিখি উলিয়াইছে এই গ্ৰন্থখন ৷ প্ৰায় দহ বছৰৰ সাধনাৰ অন্তত গ্ৰন্থকাৰ ৰেণুকা দেৱী শাস্ত্ৰীয়ে সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিবলৈ সক্ষম হৈছে গ্ৰন্থখন ৷ ইয়াৰ পূৰ্বে 2020 চনত সংস্কৃত ভাষাৰ পৰা মণিপুৰী ভাষালৈ অনুবাদ কৰি উলিয়াইছিল শ্ৰীমদ্ভাগৱত গীতাৰ কিছু অংশ ৷

অসমীয়া ভাষা শ্ৰীবৃদ্ধিৰ বাবে এক বিশেষ পদক্ষেপ

উল্লেখ্য যে, সংস্কৃত দিৱস উপলক্ষে দেওবাৰে হোজাইৰ গৌৰনগৰ সংস্কৃত বেদ বিদ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় গ্ৰন্থখন ৷ উক্ত গ্ৰন্থখনৰ শুভ উন্মোচন কৰে ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অমলেন্দু চক্ৰৱৰ্তীয়ে ।

এই অনুবাদমূলক গ্ৰন্থখন অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিত সহায়ক হ’ব বুলি আশাবাদী অনুবাদক ৰেণুকা দেৱী শাস্ত্ৰী ৷ যিহেতু প্ৰায় 10 বছৰৰ সাধনাৰ ফল অসমীয়া ভাষাত অনুবাদিত শ্ৰীমদ্ভাগৱত গীতাৰ এই গ্ৰন্থখন ৷ সেয়ে এই গ্ৰন্থখনক লৈ বাৰুকৈয়ে উৎফুল্লিত ৰেণুকা দেৱী ৷ জানিব পৰা মতে, গ্ৰন্থকাৰ ৰেণুকা দেৱী শাস্ত্ৰীক ২০১৭ চনত ভাৰত ৰত্ন বাবা সাহেব ড৹ অম্বেদকাৰ ফেল’শ্বিপ বঁটাৰে সন্মানিত কৰা হৈছিল ৷ আনহাতে, 2021 চনত অসম চৰকাৰৰ লেখক সম্বৰ্ধনা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে গ্ৰন্থকাৰ গৰাকীয়ে ।

লগতে পঢ়ক: বটদ্ৰৱা থানত সেৱা ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.