ETV Bharat / state

নিয়মীয়াকৰণ নহ’ল ১৬৭৩ গৰাকী মাষ্টাৰৰোল কৰ্মচাৰীৰ চাকৰি

author img

By

Published : Jul 20, 2021, 10:22 PM IST

কি হ'ব ৰাজ্যখনৰ ১৬৭৩ গৰাকী মাষ্টাৰৰোল কৰ্মচাৰীৰ ভৱিষ্যত ? যোৱা 27 বছৰে নিয়মীয়াকৰণ নহ'ল ৰাজ্যৰ পশুপালন বিভাগ আৰু পশু চিকিৎসা বিভাগত নিযুক্তি লাভ কৰা মাষ্টাৰৰোল কৰ্মচাৰীৰ চাকৰি ৷

master roll employees
নিয়মীয়াকৰণ হোৱা নাই ১৬৭৩ গৰাকী মাষ্টাৰোল কৰ্মচাৰীৰ চাকৰি

হোজাই, 20 জুলাই : পশু চিকিৎসা বিভাগত নিযুক্তি পোৱা মাষ্টাৰৰোল কৰ্মচাৰীসকলৰ চাকৰি আজিকোপতি নিয়মীয়াকৰণ কৰা নহ'ল ৷ যাৰ বাবে অনিশ্চয়তাৰ মাজত দিন কটাইছে কৰ্মচাৰীসকলে ৷ ৰাজ্যৰ পশু চিকিৎসা বিভাগ আৰু পশুপালন বিভাগত চাকৰি নিয়মীয়া নোহোৱাকৈ ১৬৭৩ গৰাকী মাষ্টাৰৰোল কৰ্মচাৰী আছে ৷

যোৱা 16 জুলাইত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত 2021-22 বৰ্ষৰ অসম বাজেট ঘোষণা কৰিলে ৷ বাজেট ভাষণত এক লাখ নিযু্ক্তিৰ কথা প্ৰকাশ কৰিছিল বিত্তমন্ত্ৰীগৰাকীয়ে ৷ যি সময়ত অসম চৰকাৰে এক লাখ নতুন নিযুক্তিৰ কথা কৈছে সেই সময়তে ৰাজ্যৰ পশু চিকিৎসা বিভাগত নিযুক্তি লাভ কৰা ১৬৭৩ গৰাকী মাষ্টাৰৰোল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নোহোৱা বিষয়টোৱে সকলোৰে মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

কি হ'ব ৰাজ্যখনৰ ১৬৭৩ গৰাকীৰ মাষ্টাৰৰোল কৰ্মচাৰী ভৱিষ্যত ? ১৯৯০ চনতে ৰাজ্য চৰকাৰৰ পশুপালন বিভাগৰ পৰা প্ৰায় ২০০০ জন লোকক মাষ্টাৰৰোল কৰ্মচাৰী হিচাপে পশুপালন বিভাগৰ সঞ্চালক কাৰ্যালয়ৰ পৰা নিযুক্তি প্ৰদান কৰিছিল ৷ প্ৰতিজন কৰ্মচাৰীয়ে কোষাগাৰৰ জৰিয়তে ৭০০ পৰা ১০০০ টকা দৰমহাৰ লাভ কৰিছিল ৷

নিয়মীয়াকৰণ নহ’ল ১৬৭৩ গৰাকী মাষ্টাৰৰোল কৰ্মচাৰীৰ চাকৰি

১৯৯৪ চনৰ ১৯ এপ্ৰিলত কোনো লিখিত নিৰ্দেশ নোহোৱাকৈ সেই মাষ্টাৰৰোল পদসমূহ বিলুপ্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ কিন্তু মাষ্টাৰৰোল কৰ্মচাৰীসকলে উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কে আবেদন কৰাত উচ্চতম ন্যায়ালয়ে পদসমূহ নিয়মীয়া কৰি ৪ মাহৰ দৰমহা মুকলি কৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ উক্ত নিৰ্দেশনাৰ পাচতো পশুপালন বিভাগে চাকৰি নিয়মীয়া নকৰিলে ৰাজ্যখনৰ ১৬৭৩ গৰাকী মাষ্টাৰৰোল পশুপালন কৰ্মচাৰীৰ ৷

ফলত ২৭ বছৰে কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰী বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে অহা-যোৱা কৰি হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অসম চৰকাৰৰ মুখ্য সচিবে 1995 চনত চিঠি নং ABP/ 175/91/ PT—1/138 DATED মৰ্মে ২৩ এপ্ৰিলত ১/৪/১৯৯৩ চনৰ আগত নিযুক্তি লাভ কৰা সকলো মাষ্টাৰৰোল কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও নিয়মীয়া নহ'ল তেওঁলোকৰ চাকৰি ৷

উল্লেখ্য যে, কেইজনমান মাষ্টাৰৰোল কৰ্মচাৰী চাকৰি নিয়মীয়া হ'ল যদিও চাকৰি নিয়মীয়া নোহোৱা বাকী ১৬৭৩ গৰাকী কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ গতিকে চাকৰি নিয়মীয়াকৰণৰ বাবে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে মাষ্টাৰৰোল কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক: পেগাচাছ স্পাইৱেৰ: অমিত শ্বাহক বৰ্খাস্তৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.