হাইলাকান্দি,12 ছেপ্তেম্বৰঃ হাইলাকান্দিত ভয়াৱহ ঘটনা । দিন দুপৰতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা দুৰ্বৃত্তই লুটিলে ১ লাখ ২৫ হাজাৰ টকা । টকা ভৰ্তি বেগ চোৰ কৰি পলাল চোৰ। হাইলাকান্দি বেংক অৱ বৰোদাৰ পৰা ১ লাখ ২৫ হাজাৰ টকা উলিয়াই আনিছিল বিমল নাথ নামৰ ব্যৱসায়ীজনে। হাইলাকান্দি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ঠিক সম্মুখত থকা নিজ ব্যবসায়ীক প্ৰতিষ্ঠানত প্ৰৱেশ কৰাৰ সময়তে চোৰে বেগটো লৈ পলায়ন কৰে। ঘটনাৰ পিছতে ব্যৱসায়ী গৰাকীয়ে খবৰ দিয়ে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, হাইলাকান্দিত এনে ঘটনা সংঘটিত হৈ আহিছে যদিও আজিলৈকে আৰক্ষীয়ে এজনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি স্থানীয় ৰাইজৰ অভিযোগ।
হাইলাকান্দিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত চোৰৰ তাণ্ডৱ
দিন দুপৰতে চুৰি কাণ্ড সংঘটিত হ'ল হাইলাকান্দিত । চোৰে লুটি নিলে ১ লাখ ২৫ হাজাৰ টকা । বিমল নাথ নামৰ ব্যৱসায়ী জনৰ পৰা লুটি নিয়ে ধন খিনি ৷
হাইলাকান্দি,12 ছেপ্তেম্বৰঃ হাইলাকান্দিত ভয়াৱহ ঘটনা । দিন দুপৰতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা দুৰ্বৃত্তই লুটিলে ১ লাখ ২৫ হাজাৰ টকা । টকা ভৰ্তি বেগ চোৰ কৰি পলাল চোৰ। হাইলাকান্দি বেংক অৱ বৰোদাৰ পৰা ১ লাখ ২৫ হাজাৰ টকা উলিয়াই আনিছিল বিমল নাথ নামৰ ব্যৱসায়ীজনে। হাইলাকান্দি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ঠিক সম্মুখত থকা নিজ ব্যবসায়ীক প্ৰতিষ্ঠানত প্ৰৱেশ কৰাৰ সময়তে চোৰে বেগটো লৈ পলায়ন কৰে। ঘটনাৰ পিছতে ব্যৱসায়ী গৰাকীয়ে খবৰ দিয়ে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, হাইলাকান্দিত এনে ঘটনা সংঘটিত হৈ আহিছে যদিও আজিলৈকে আৰক্ষীয়ে এজনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি স্থানীয় ৰাইজৰ অভিযোগ।
Body:O/C :: হাইলাকান্দিত ভয়াবহ ঘটনা। দিনৰ পোহৰতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সম্মুখৰ পৰা চুৰ টকা ভৰ্তি ব্যাগ। চুৰ হৈছে মোট ১ লাখ ২৫ হাজাৰ টকা।
Conclusion:V/O :: পুনৰ দিনৰ পোহৰত ভয়াহব চুৰি কাণ্ড হাইলাকান্দিত। সকলোৰ সম্মুখতে টকা ভৰ্তি ব্যাগ চুৰ কৰি পলাতক যুবক। হাইলাকান্দি ব্যাঙ্ক অফ বৰোদাৰ পৰা ১ লাখ ২৫ হাজাৰ টকা উলাই আনিছিল বিমল নাথ নামৰ এই গৰাকী ব্যবসায়ীয়ে। টকা লৈ হাইলাকান্দি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ঠিক সম্মুখত থকা নিজ ব্যবসায়ীক প্ৰতিষ্ঠানত প্ৰবেশ কৰে। ইয়াৰ কিছু সময়ৰ পিছতে এজন যুবকে প্ৰতিষ্ঠানত প্ৰবেশ কৰি মুহুৰ্তৰ ভিতৰতে টকা ভৰ্তি ব্যাগ লৈ পলায়ন কৰে। পিছতে ব্যবসায়ী গৰাকীয়ে খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰেজিষ্টাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ যোৱা ১ বছৰৰ ভিতৰত হাইলাকান্দিত সপ্তমবাৰ এনে দিনৰ পুহৰতে টকা চুৰৰ ঘটনা সংঘঠিত হৈছে। কিন্তু আজিলৈকে আৰক্ষীয়ে এজনো দুষ্কৃতিক আটক কৰিবলৈ সক্ষম হোৱা নাই।
byte :: Bimal nath