হাইলাকান্দি, 21আগষ্টঃ হাইলাকান্দিত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা ৷ এইবাৰ চোৰৰ টাৰ্গেট হ'ল ধৰ্মীয় অনুষ্ঠান ৷ বৃহস্পতিবাৰে জিলাখনৰ তুপখানাস্থিত এটা মন্দিৰত চোৰৰ দলে লুটপাত চলায় ৷ চোৰৰ দলটোৱে মন্দিৰৰ পূজাৰ সামগ্ৰীৰ লগতে দানপাত্ৰ ভাঙি লুটি নিয়ে মন্দিৰৰ ধন ৷ ইয়াৰ উপৰি চোৰৰ দলটোৱে ভাঙি পেলায় মন্দিৰৰ ত্ৰিশূলৰ লগতে বহু সামগ্ৰীও ৷
ইপিনে ঘটনা সন্দৰ্ভত হাইলাকান্দি সদৰ থানাত মন্দিৰ কমিটিয়ে দাখিল কৰে এজাহাৰ ৷ ইয়াৰ লগতে অতি শীঘ্ৰে চোৰৰ দলটোক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ৷ আনহাতে, ঘটনাস্থলীত সদৰ থানাৰ আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷